ছালাকাটিত এনটিপিচিৰ উদ্যোগত উত্তৰ পূৱ মহোৎসৱ

WhatsApp Image 2021 12 12 at 8.06.03 PM

বিটিআৰৰ কোকৰাঝাৰ জিলাৰ ছালাকাটিস্থিত এনটিপিচিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ১১ আৰু ১২ ডিচেম্বৰত উত্তৰ-পূৱ মহোৎসৱৰ আয়োজন কৰা হৈছে । ছালাকাটি এনটিপিচি ষ্টেডিয়াম খেল পথাৰত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আজি সন্ধিয়াৰ পৰা আৰম্ভ হোৱা উত্তৰ-পূৱ মহোৎসৱ ২০২১ৰ বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ।

ইয়াৰ পূৰ্বে উত্তৰ-পূব মহোসৎৱ আয়োজন সম্পৰ্কে আদৰণি ভাষণৰ লগতে উদ্দেশ্য ব্যখ্যা কৰে এনটিপিচিৰ কাৰ্য্যবাহী সঞ্চালক সুব্ৰত মণ্ডলে । উদ্বোধনী অনুষ্ঠানৰ পাছত সাংবাদিকেৰে মুখামুখী এক অনুষ্ঠানত বিটিআৰৰ মুখ্য‌ কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে, এনটিপিচিৰ কৰ্তৃপক্ষই থলুৱা ভাষা সাহিত্য , কৃষ্টি, সংস্কৃতি আৰু খাদ্যসম্ভাৰ দেশৰ বিভিন্ন প্ৰান্তৰ বিশ্বমুখী কৰাৰ বাবে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেয়া এক সময়য়োপযোগী পদক্ষেপ ।

উল্লেখ্য যে উত্তৰ-পূৱ মহোৎসৱৰ স’তে সংগতি ৰাখি নিশা জনগোষ্ঠীয় নৃত্যগীত বিশেষকৈ বড়ো সকলৰ বাগৰুম্বা, অসমীয়াৰ সত্ৰীয়া নৃত্য আৰু বহুভাষিক কবি সন্মিলনৰো আয়োজন কৰা হৈছে ।

Exit mobile version