নিদ্ৰাহীনতাত ভুগিছে ? কেনেকৈ পাব পৰিত্ৰাণ ?

addicted young woman chatting surfing 260nw 1330899254

টোপনিৰ ক্ষেত্ৰত পৰিৱেশৰ ভূমিকা গুৰুত্বপূর্ণ। উপযুক্ত পৰিৱেশ নাথাকিলে কাৰােৱে ভাল টোপনি নাহে।কোলাহলপূর্ণ পৰিৱেশত থকাসকলৰ টোপনিত ব্যাঘাত জন্মাতাে স্বাভাৱিক। যদিহে টোপনি ভাল নহয় তেতিয়াহ’লে উপযুক্ত পৰিৱেশ এটাৰ সৃষ্টি কৰিব লাগে। শােৱা কোঠাত টিভি,ৰেডিঅ’ অথবা আন বিনােদনৰ উৎস নথকাটোৱে মংগলজনক। বহুতে টোপনি ভাল নহ’লে বা টোপনি নাহিলে গান শুনে অথবা চিনেমা চায়। কিতাপ পঢ়ে। কোঠাৰ ভিতৰত পাইচাৰি কৰে। এনে কৰিলে টোপনি অহাতাে দূৰৈৰ কথা, ব্যাঘাত জন্মাতহে সহায় কৰে। শােৱা কোঠাৰ লাইট আদি নুমুৱালেও এটা সুস্থ পৰিৱেশ গঢ়ি উঠে। পৰিৱেশ উপযুক্ত নােহােৱালৈকে টোপনিত ব্যাঘাত জন্মিবই।

★টোপনিত ব্যাঘাত জন্মিলে বহুতে বিভিন্ন ধৰণৰ নিচা জাতীয় দ্রব্য সেৱন কৰে। চিগাৰেট সেৱন কৰিলে অথবা মদ্যপান কৰিলে টোপনি ভাল হােৱা বুলি ভবাটো ভ্রান্ত ধাৰণাহে মাথােন। এইবােৰ হ’ল অভ্যাস। কিছুমানে শােৱাৰ আগতে চিগাৰেট খায় অথবা মদ্যপান কৰে। কিন্তু যেতিয়া এনে অভ্যাসৰ ফলত মাদক দ্রব্যৰ পৰিমাণ বৃদ্ধি হৈ থাকে তেতিয়া পৰিস্থিতিয়ে অন্যফালে ঢাল খায়। লাহে লাহে টোপনিত ব্যাঘাত জন্মিব ধৰে। দীর্ঘদিন এনে হােৱাৰ ফলত সৃষ্টি হয় মানসিক ভাৰসাম্যহীনতাৰ। টোপনি অহাৰ বাবে কেতিয়াও মাদক দ্রব্য সেৱন কৰিব নালাগে।

★দিবা নিদ্ৰাৰ বাবেও বহুতৰ নিশা টোপনি নাহে। সেয়েহে নিদ্রাহীনতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দিবা নিদ্ৰাৰ পৰা আঁতৰি থাকিব লাগিব। অৱশ্যে যিসকলৰ দিনত অলপ সময় বিছনাত বাগৰাৰ অভ্যাস আছে তেওঁলােকৰ কথা সুকীয়া। দিনত অলপ সময় বিছনাত বাগৰিলে কাম কৰাৰ বাবে পুনৰ শক্তি লাভ কৰিব পাৰে যদিও বেছি সময় শুলে আকৌ ক্ষতিহে হয়।

★টোপনিত ব্যাঘাত জন্মিলে চিকিৎসকে বিভিন্ন ধৰণৰ ঔষধ অথবা ব্যায়াম আদিৰে সেইবােৰ আঁতৰাবলৈ পৰামর্শ আগবঢ়ায়। পার্শ্বক্রিয়া থকা ঔষধৰ পৰিৱর্তে পার্শ্বক্রিয়াহীন ঔষধ অথবা যদিহে থাকেও তেতিয়াহ’লে সেয়া নােহােৱা কৰিবলৈ আন ঔষধ খাবলৈ দিয়ে। ফলত টোপনি স্বাভাৱিক হয়। কিন্তু বহুতে টোপনিত ব্যাঘাত জন্মিলেই চিকিৎসকৰ পৰামর্শ গ্রহণ নকৰাকৈয়ে ফার্মাচীৰ পৰা ঔষধ কিনি আনে। ফলত পৰৱৰ্তী সময়ত নিদ্রাহীনতাৰ লগতে আন সমস্যায়াে গা কৰি উঠে। আনকি চিকিৎসকৰ পৰামর্শ গ্রহণ নকৰাকৈ ঔষধ খােৱাৰ ফলত মৃত্যু পর্যন্ত হ’ব পাৰে। মনত ৰাখিব চিকিৎসক পৰামর্শ অবিহনে টোপনিৰ ঔষধ খালে শাৰীৰিক-মানসিক দুয়াে ক্ষেত্ৰতে ক্ষতি হয়।

★কিছুমান অসুখত বিশেষ ঔষধ দীর্ঘদিন খােৱাৰ ফলত পার্শ্বক্রিয়াৰূপে নিদ্রাহীনতাই গা কৰি উঠে। যদিহে কোনাে ঔষধ খােৱাৰ ফলত এনে ধৰণৰ সমস্যাই গা কৰি উঠে তেন্তে শীঘ্ৰে বিষয়টো চিকিৎসক স’তে আলােচনা কৰা উচিত।

★আনহাতে, কেতিয়াবা কিছুমান অসুখৰ বাবেও টোপনিত ব্যাঘাত জন্মে। এনে ধৰণৰ অসুখৰ চিকিৎসা কৰিলেও সুফল পােৱা যায়।

★মানসিক চাপ অত্যধিক হলে নিদ্রাহীতাই গা কৰি উঠে। যিমানেই মানসিক চাপ বৃদ্ধি হৈ থাকে সিমানেই টোপনিত ব্যাঘাত জন্মে। সেইবাবে নিদ্রাহীনতাৰ পৰা হাত সাৰিবলৈ চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰা উচিত। অৱশ্যে আধুনিক জীৱন-যাপনত কোনাে লােকেই সম্পূর্ণৰূপে চাপমুক্ত হৈ থকাতাে সম্ভৱ নহয়।যিবােৰ কামৰ চাপ অধিক তেনে কাম সােনকালে সম্পূর্ণ কৰিবলৈ চেষ্টা কৰিব লাগে।আনহাতে,কিছুমান কাম গুৰুত্বপূৰ্ণ নহ’লেও বহুতে তেনে কামক লৈয়ে ব্যস্ত থাকে। ফলত মানসিক চাপ বৃদ্ধি পায়। সেইবাবে যিমান সম্ভৱ সিমানে মানসিক চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰা উচিত।

★কিছুমান খাদ্যৰ বাবেও এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ গুৰুপাক আহাৰ,অত্যধিক চাইনজ ফুড, শীতল পানীয়, প্রচুৰ পৰিমাণে কফি আদি খালেও নিশা টোপনি ক্ষতি হ’ব পাৰে বুলি বিশেষজ্ঞসকলে মত পােষণ কৰিছে। গতিকে এনে ধৰণৰ খাদ্য বেছি পৰিমাণে খােৱাৰ পৰিৱর্তে নির্দিষ্ট পৰিমাণে খালেহে সুফল পােৱা যায়।★নিশা বিছনালৈ তেতিয়াহে যাব লাগে যেতিয়া টোপনি ভাব আহে। টোপনি ভাব অহাৰ পূর্বে বেছি সময় বিছনাত শুই থাকিলে টোপনিত ব্যাঘাতহে জন্মে।

★কিছুমানে কম সময় টোপনি যােৱাৰ পৰিৱর্তে আন কিছুমানে বেছি সময় টোপনি যায়। এজনে কম সময় টোপনি মাৰিলে বুলিয়ে যে আন এজনেও কম সময় টোপনি যাব লাগে তেনে কোনাে কথা নাই। পৰিশ্ৰম, ব্যস্ততা আদিৰ ওপৰতাে টোপনিৰ সময় নিৰ্ভৰ কৰে। দিনটো পথাৰত কঠোৰ পৰিশ্ৰম কৰা লােক এজনক যিমান সময়ৰ প্রয়ােজন এজন ঘৰতে কাম- বন নকৰাকৈ থকা লােকৰ সিমান প্রয়ােজন নহয়।

★ধূমপান, মদ্যপান আদিৰ অভ্যাস ত্যাগ কৰিব লাগে।

★বিছনাখন যাতে আৰামদায়ক হয় তাৰ ওপৰতাে গুৰুত্ব প্রদান কৰা উচিত। বিছনাত ইকাটি-সিকাটি হলেই শব্দ হােৱা, বিছনাৰ কাপােৰ আদিৰ পৰা উৎকট গােন্ধ ওলােৱা আদিৰ বাবেও টোপনিত ব্যাঘাত জন্মে। এনেবােৰ বিষয়তাে গুৰুত্ব প্রদান কৰিব লাগিব।

Exit mobile version