নিৰ্বিকাৰ আৱকাৰী বিভাগ : ওদালগুৰিত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

ৰৌতা আৰক্ষীৰ অভিযানত অবৈধ সুৰাসহ এজন গ্ৰেপ্তাৰ

WhatsApp Image 2021 12 12 at 8.04.41 PM

ওদালগুৰি আৱকাৰী বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ সময়তে যোৱা নিশা জিলাখনৰ অন্তৰ্গত ৰৌতা আৰক্ষীৰ জালত পৰে বহু পৰিমাণৰ অবৈধ সুৰাসহ এজন লোক । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীয়ে কালি নিশা প্ৰায় ন বজাত কোপাটিৰ খজুৱা বিলত এক অভিযান চলায় । ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্য্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত আঠ কাৰ্টুন সুৰাসহ এজন লোকক গ্ৰেপ্তাৰ কৰে ।

ধৃত লোকজন হৈছে কানাই চৌহান(৫২) । লোকজনে মজুট কৰি ৰখা আঠ কাৰ্টুন সুৰাৰ ভিতৰত বিভিন্ন ব্ৰেণ্ডৰ সুৰাৰ বটল পোৱা গৈছে । জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য কে’বা হেজাৰ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰৌতা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি ধৃত লোকজনসহ জব্দকৃত সুৰাখিনি আৱকাৰী বিভাগৰ হাতত জমা দিয়ে ।

উল্লেখ্য যে সমগ্ৰ ওদালগুৰি জিলাতে এনে ধৰণে অবৈধ সুৰাৰ বেহা অব্যাহত আছে । আৱকাৰী বিভাগৰ নিৰ্লিপ্ত ভূমিকা তথা বিভাগটোৰ বিষয়াৰ জ্ঞাতসাৰে এনে অবৈধ সুৰাৰ বেহা অব্যাহত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । যাৰ ফলত প্ৰশাসনে জাৰি কৰা ড্ৰাই ডেৰ সময়ছোৱাতো অবৈধ চক্ৰৰ ঘৰে ঘৰে মজুত কৰি ৰখা সুৰাসমূহ উভয়নদী হৈ পৰে ।

এনেবোৰ দেখি শুনিও নিয়মমাফিক সৰু সৰু কেইটিমান দেশীয় সুৰাৰ ঘাটি উচ্ছেদ কৰি বাঃ বাঃ লোৱাৰ প্ৰতিযোগিতাত ব্যস্ত থকা আৱকাৰী বিভাগটোৰ চকুত এনে অবৈধ সুৰাৰ ঘাটি তথা চক্ৰসমূহ পৰিব নে নাই তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । আগন্তুক দিনত বিভাগটো এনেদৰে কুম্ভকৰ্ণ নিদ্ৰাত থাকিব নে সক্ৰিয় হৈ উঠিব সেয়া হ’ব লক্ষণীয় ।

Exit mobile version