বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ মাৰণাস্ত্ৰ তৈয়াৰ হ’ল ছুইজাৰলেণ্ডত

swissminigun worlds smallest handgun1

ৰিভলভাৰবােৰৰ আকাৰ বৰ ডাঙৰ নহ’লেও ইবােৰ যথেষ্ট গধূৰ। অথচ মাত্র ২০ গ্রাম ওজনৰ ৰিভলভাৰাে আছে। জানিলে আচৰিত হ’ব যে এই ২০ গ্রাম ওজনৰ ৰিভলভাৰ কিন্তু কোনাে খেলনা নহয়।

বৰঞ্চ ইয়াৰ পৰা ওলােৱা গুলিয়ে মানুহৰ প্রাণাে হৰণ কৰিব পাৰে। বিশ্বৰ সবাতােকৈ ক্ষুদ্র তথা পাতল ৰিভলভাৰ নির্মাণ কৰি চমক সৃষ্টি কৰিছে ছুইজাৰলেণ্ডৰ এটা কোম্পানীয়ে।

এই ৰিভলভাৰ ইমানেই সৰু যে মানুহে অনায়াসে হাতৰ তলুৱাতে লৈ মুঠি মাৰি লুকুৱাই নিব পাৰে। এই বিশেষ ৰিভলভাৰৰ নাম চি১এছটি।

মাত্র ৫.৫ ছেণ্টিমিটাৰ দীর্ঘ আৰু এক ছেণ্টিমিটাৰ বহল এই ৰিভলভাৰৰ দাম অৱশ্যে ভাৰতীয় মুদ্রাত পাঁচ লাখ টকা।ইয়াৰ আকাৰ ইমানেই সৰু যে অতি সহজে যিকোনাে স্থানত লুকুৱাই নিব পাৰি।

সেই কাৰণেই ইতিমধ্যে ব্রিটেইন আৰু আমেৰিকাত ইয়াৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰােপ কৰা হৈছে। ছুইজাৰলেণ্ডত ঘড়ী বা গহনা তৈয়াৰ কৰিবলৈ যি প্রযুক্তি ব্যৱহাৰ কৰে, সেই প্রযুক্তি ব্যৱহাৰ কৰিয়েই এই ৰিভলভাৰ তৈয়াৰ কৰা হৈছে।

লগতে বন্দুক নির্মাণত ব্যৱহাৰ কৰা প্রযুক্তিও আছে। এই ৰিভলভাৰৰ ক্ষমতা এক জুলৰাে কম। সেয়ে ইয়াৰ গুলিত মৃত্যুৰ আশংকা কম।অৱশ্যে অতি কাষৰ পৰা মূৰলৈ লক্ষ্য কৰি গুলিচালনা কৰিলে গুৰুতৰভাৱে আহত হােৱাৰ আশংকা আছে বুলি দাবী কৰিছে নির্মাণকাৰী কোম্পানীটোৱে।

এই ক্ষেত্ৰত আঘাতপ্রাপ্তজনৰ মৃত্যুও হ’ব পাৰে। ইতিমধ্যে চি১এছটি ৰিভলভাৰে গীণিজ ৱর্ল্ড বুকত বিশ্বৰ সবাতােকৈ ক্ষুদ্র বন্দুকৰূপে স্থান লাভ কৰিছে।

Exit mobile version