ভাৰতীয় বজাৰৰ পাঁচখন আটাইতকৈ ব্যয়বহুল বাইক

বিএমডব্লিউ এম ১০০০ আৰআৰ

ভাৰতীয় বজাৰৰ সৰ্বাধিক জনপ্রিয় বিলাসী বাইক মডেল হিচাপে পৰিচিত বিএমডব্লিউ এম ১০০০ আৰআৰ মডেলখনৰ দাম ৪২ লাখ টকাৰ পৰা আৰম্ভ হৈছে। এই মডেলখনৰ শীর্ষ ভেৰিয়েন্টখনৰ মূল্য ৪৫ লাখ টকা। বাইকখন ৯৯৯ চিচিৰ, ৪টা চিলিণ্ডাৰযুক্ত ৪ স্ট্রোক ইঞ্জিন আছে। ই ১৩,০০০ আৰপিএমত ২০৫ এইছপি শক্তি আৰু ১১,০০০ আৰপিএম টৰ্কত ৮৩ পাউণ্ড-ফুট উৎপাদন কৰে।

হার্লি-ডেভিডচন ৰােড গ্লাইড স্পেচিয়েল

হার্লি-ডেভিডচনৰ এই বিলাসী মডেলখনৰ মূল্য হৈছে। ৩৪.৯৯ লাখ টকা। ইয়াত আছে ১৮৬৮ চিচিৰ মিলৱাকি-এইটটিএম ১১৪ ইঞ্জিন। ৬ স্পীড মেনুৱেল ট্রেন্সমিছত চলা এই বাইকখনৰ ওজন প্রায় ৩৮৭ কিলােগ্রাম। ইয়াৰ পাল্প টেংকটোৰ ধাৰণ ক্ষমতা ২২.৭ লিটাৰ।

কাৱাচাকি নিনজা এইছ ২আৰ

বজাৰত কাৱাচাকি নিনজা এইছ২আৰৰ মূল্য ৭৯.৯০ লাখ টকা। ইয়াত সংস্থাপন কৰা হৈছে এটা লিকুইড-কুলড, ৪ স্ট্রোক ইন-লাইন ইঞ্জিন, যাৰ এটা ৯৯৮ চিচিৰ ছাৰছাৰ্জাৰ প্ৰণালী আছে। বাহনখনত ব্যৱহাৰ কৰা এই ইঞ্জিনে ২২৮০ কিলােৱাটৰ পৰা ২৪০.০ কিলােৱাট আৰু ১৬৫ এনএম টর্ক শক্তি উৎপাদন কৰিব পাৰে।

হােণ্ডা গােল্ডউইং ট্যুৰ

বজাৰত এই মডেলখনৰ দাম ৩৭.২০ লাখ টকাৰ পৰা আৰম্ভ হৈছে। হােণ্ড গােল্ডউইং ট্যুৰৰ শীর্ষ ভেৰিয়েন্টখনৰ মূল্য ৩৯.১৬ লাখ টকা। ইয়াত থকা ১৮৩৩চিচিৰ ইঞ্জিনটোৰ শক্তি উৎপাদন ক্ষমতা আৰু টর্ক ক্রমে ১২৬এইচ পি আৰু ১৭০এন এমাই এক বৈদ্যুতিকভাৱে সমাযযাজিত উইণ্ডস্ক্রীণ মডেল। লগতে বাইকখনত আছে ক্রুজ কন্ট্রোল ৭.০ ইঞ্চি টিএফটি ডিচপ্লে আৰু এপল কাৰপ্লেৰ দৰে সর্বাধুনিক বৈশিষ্ট।

ইণ্ডিয়ান ৰােডমাষ্টাৰ

ইণ্ডিয়ান ৰােডমাষ্টাৰৰ প্ৰাৰম্ভিক মূল্য হৈছে ৪৩.২১ লাখ টকা। ইয়াৰ শীর্ষ ভেৰিয়েন্টৰ মূল্য ৪৩.৯৬ লাখ টকা। ১৮১১ চিচিৰইঞ্জিনযুক্তবাইকখনে ১০০ বিএইপি শক্তি আৰু ১৩৮.৯ এনএম টর্ক উৎপন্ন কৰে। এই ১৭ বাইকখনত ৬ স্পীড ট্রেন্সমিচনৰ সুবিধা আছে। ৰােডমাষ্টাৰৰ ইন্ধন টেংকটোৰ ধাৰণ ক্ষমতা ২০.৮ লিটাৰ।

Exit mobile version