সৌৰ ছাদৰ ৰাজসাহায্য আচনি

২০ বছৰলৈকে লাভ কৰক বিনামূলীয়া বিদ্যুৎ

1444716593526

বজাৰত কয়লাৰ মূল্য প্রতিনিয়ত বৃদ্ধি পাইছে। দেশৰ কয়লাৰ ভাণ্ডাৰাে লাহে লাহে সমাপ্ত হ’বলৈ আহিছে। তাৰ উপৰি গােলকীয় উষ্ণতা হ্রাস কৰাৰ উদ্দেশ্যে সমগ্র বিশ্বই সন্মিলিতভাৱে নেট জিৰাে অৰ্জনৰ অর্থাৎ জীৱাশ্মজাত ইন্ধন দহন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পণ লৈছে।

ভাৰতেও অহা ২০৭০ৰ ভিতৰত নেট জিৰাে অর্জনৰ লক্ষ্য স্থিৰ কৰিছে। এই লক্ষ্যত উপনীত হ’বৰ বাবেই কয়লা বা তাপ বিদ্যুতৰ পৰিৱর্তে আন বিকল্প উপায়েৰে সৌৰশক্তি প্রয়ােগ কৰি বিদ্যুৎ উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে ।

কয়লাৰ পৰিৱর্তে ব্যৱহাৰ কৰিব পৰা অন্যান্য শক্তি বিকল্পসমূহৰ ভিতৰত আছে জলবিদ্যুৎ আৰু সৌৰশক্তি। সমগ্র দেশতে ইতিমধ্যে সৌৰ বিকল্প চাহিদা বৃদ্ধি পাইছে। শেহতীয়াকৈ, কেন্দ্রীয় চৰকাৰে ঘৰৰ চালত সৌৰ পেনেল স্থাপন কৰি প্রায় ২০ বছৰৰ বাবে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব পৰা এক আঁচনি আৰম্ভ কৰিছে যাতে জনসাধাৰণৰ মাজত সৌৰশক্তিৰ জনপ্রিয়তা বৃদ্ধি কৰিব পাৰি।

এই আঁচনিখনৰ নাম হৈছে সৌৰ ছাদৰ ৰাজসাহায্য আচনি। আঁচনিখনে আৰম্ভণিতে দৃষ্টি আকৰ্ষণ কৰিছে সকলােৰে। বহুতে ইতিমধ্যে এই আঁচনিৰ সুযােগ লৈ ঘৰৰ চালত সৌৰ পেনেল স্থাপনৰ কাম আৰম্ভ কৰিছে।

আঁচনিখনৰ উদ্দেশ্য :সমগ্র দেশতে সৌৰশক্তিৰ ধাৰণা আৰু বুজাবুজি বৃদ্ধি কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে সৌৰ ৰুফটপ ৰাজসাহায্য আঁচনি নামৰ এই আঁচনিখন আৰম্ভ কৰিছে। আঁচনিখন সমগ্ৰ দেশতে সৌৰশক্তিৰ ব্যৱহাৰক জনপ্রিয়কৰণৰ ওপৰতাে চকু ৰাখিব। অর্থাৎ, আঁচনিখনে দেশৰ বৃহৎ অংশৰ লােকসকলে সৌৰশক্তি ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব।

বিদ্যুতৰ নামত হােৱা ব্যয় ৰাহি হ’ব : মন কৰিব যে ,যদি আপুনি সৌৰশক্তি ব্যৱহাৰ কৰে তেন্তে আপােনাৰ ব্যয় প্রায় ৫০ৰ পৰা ৬০ শতংশ হ্রাস হ’ব। আৰু যদি আপুনি এই ৰাজসাহায্য আঁচনি গ্ৰহণ কৰে, আপুনি কেৱল পাঁচ- ছয়বছৰৰ বাবেহে বিল পৰিশােধ কৰিব লাগিব। তাৰ পাছত ১৯ৰ পৰা ২০ বছৰৰ বাবে সম্পূর্ণ বিনামূলীয়াকৈ বিদ্যুৎ প্রাপ্ত কৰিব পাৰিব।

কম ঠাইতে স্থাপন কৰিব পাৰি: ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰিবলৈ বেছি ঠাইৰ প্ৰয়ােজন নহয়। এক কিলােৱাট ক্ষমতাসম্পন্ন সৌৰ ছাদ স্থাপন কৰিবলৈ ১০ বর্গ মিটাৰ স্থানৰ প্রয়ােজন। ইয়াৰ পৰিৱর্তে, উপভােক্তাই পাব পৰিৱেশ-অনুকূল আৰু সুলভ বিদ্যুৎ ব্যৱহাৰ কৰাৰ সুযােগ। কেনেদৰে পঞ্জীয়ন কব্বি :প্রথমেই solarrooftop.in ৱেবছাইটলৈ যাওক। তাৰ পাছত ‘Apply on Solar Roofing’ বিকল্পত ক্লিক কৰক।

এইবাৰ আপােনাৰ ৰাজ্যৰ নাম বাছনি কৰক

ৰাজ্য বাছনি কৰাৰ পাছত আপােনাৰ স্ক্রীণত সৌৰ ৰুফ এপটো ওলাব। উক্ত এপটোত আপােনাৰ নিজৰ পৰিচয় পত্রকে ধৰি সকলাে প্রামাণিক নথিপত্ৰৰ তথ্য দাখিল কৰিলেহে আপােনাৰ নাম পঞ্জীয়নভুক্ত হব।

Exit mobile version