কৃত্ৰিম উপায়েৰে সৌন্দৰ্য্য বৃদ্ধি কৰাই হ’ল অপৰাধ

সুন্দৰী প্ৰতিযোগিতাৰ পৰা বাতিল ৪৩টা উট

5568

আড়ম্বৰপূৰ্ণ আয়ােজন। উপস্থিত দেশ-বিদেশৰ বহু প্রতিযােগী। সকলাে প্রতিযােগীকেই এই সৌন্দর্য প্রতিযােগিতাত জয়ী হােৱাৰ বাবে সজাই-পৰাই তােলা হৈছে।

ছৌদি আৰবৰ ৰাজধানী ৰিয়াধৰ সমীপতে এই সৌন্দর্য প্রতিযােগিতাৰ আয়ােজন। যি প্রতিযােগিতাৰ মুঠ পুৰস্কাৰমূল্য ৬.৬ কোটি ডলাৰ। অৱশ্যে এই প্রতিযােগিতাৰ প্রতিযােগীসকল মানুহ নহয়, বৰঞ্চ উটহে।

যদিও এই প্রতিযােগিতা উটৰ, তথাপি এক ইঞ্চিও ভূমি এৰিবলৈ প্রস্তুত নহয় উটৰ গৰাকীসকল। প্রতিযােগিতাত জয়ৰ বাবে উদ্বাউল হৈ পৰা গৰাকীসকলে নিজৰ উটবােৰক ধুনীয়া কৰি তুলিবলৈ চেষ্টাত ত্রুটি ৰখা নাছিল।

আনকি ইয়াৰ বাবে ব’টক্স ইঞ্জেকচন তথা অন্যান্য কৃত্রিম কাৰুকাৰ্যৰ আশ্ৰয় লৈছিল ৪৩টা উটৰ গৰাকীয়ে। তথাপি শেষ ৰক্ষা নহ’ল। অবৈধভাৱে কৃত্রিম কৌশলৰ আশ্রয় লােৱাৰ অভিযােগত প্রতিযােগিতাৰ পৰা বাতিল হ’ল সেই ৪৩টা উট।

মহােৎসৱৰ বিচাৰকসকলে জনাইছে যে এই বছৰ এনে ধৰণৰ জালিয়াতি ধৰা পেলাবলৈ অত্যাধুনিক প্রযুক্তিৰ আশ্রয় লােৱা হৈছিল। তাতেই ধৰা পৰিল উটৰ গৰাকীসকলৰ কৌশল।

ডিচেম্বৰৰ প্রথম সপ্তাহৰ পৰাই আৰম্ভ হৈছে উটৰ এই সৌন্দর্য প্রতিযােগিতা। মুঠ ৪০ দিন ধৰি চলিব।ষষ্ঠবাৰলৈ আয়ােজন কৰা এই প্রতিযােগিতাত আছে ১৯টা বিভাগ।

আৰব দেশসমূহৰ উপৰি আমেৰিকা, ৰাছিয়া, ফ্রান্স আদিৰ পৰাও বহু উটৰ গৰাকীয়ে এই প্রতিযােগিতাত অংশ লৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্রই জনাইছে যে বাতিল হােৱা ৪৩টা উটৰ ক্ষেত্ৰত ব’টক্স ইঞ্জেকচনৰ সমান্তৰালকৈ অন্যান্য কছমেটিক সলনিও ঘটোৱা হৈছিল, যাতে উটসমূহক আকর্ষণীয় কৰি তুলিব পৰা যায়।

প্রধানকৈ উটৰ মূৰ, ডিঙি, কুঁজ, পােছাক, খােজকঢ়াৰ ধৰণৰ ওপৰত ভিত্তি কৰি বিচাৰকসকলে বিজয়ী নির্ধাৰণ কৰে। এই বছৰ বিচাৰকসকলে লক্ষ্য কৰে যে বহু উটৰ ক্ষেত্ৰতে কৃত্রিম পদ্ধতিৰ সহায় লােৱা হৈছে।

জালিয়াতি ধৰা পেলােৱাৰ বাবে এক্স ৰে’, থ্রী ডি আলট্রাছাউণ্ড মেচিনাে ব্যৱহাৰ কৰা হয়।আয়ােজকৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে যে কেৱল বাতিলেই নহয়, বাতিল হােৱা উটসমূহৰ গৰাকীসকলৰ বিৰুদ্ধে ক্ষতিপূৰণ আৰু কঠোৰ পদক্ষেপে গ্ৰহণ কৰা হ’ব।

ব’টক্স বা হৰম’ন পৰিৱর্তনৰ ইঞ্জেকচন ব্যৱহাৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ অংক হৈছে প্ৰতিটো উটৰ বাবদ ২৭ হেজাৰ ডলাৰ।

Exit mobile version