ডালোৱাবাৰীত বিজেপিৰ বনৰগাওঁ মণ্ডলৰ উদ্যোগত দিব্য কাশী ভাব্য কাশী অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ

d7270a33 0eaa 4d62 b889 9b5ad48db02c

ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে দিব্য কাশী ভাব্য কাশী অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ বনৰগাও মণ্ডলৰ উদ্যোগত ডালোৱাবাৰীস্থিত ৰাম মন্দিৰ প্ৰাংগনত পূজা অৰ্চনাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

কাৰ্যসূচী মতে ৰাতিপুৱা ১১ বজাত ৰাম মন্দিৰত পূজা অৰ্চনা কৰে।উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিটিচিৰ প্ৰাক্তন ই এম তথা বৰ্তমানৰ এমচিএলএ ৰাজীৱ কুমাৰ ব্ৰহ্ম,বনৰগাওঁ মণ্ডলৰ সভাপতি ছাইখোজাতাও নাৰ্জাৰী লগতে বিজেপিৰ অইন অইন কৰ্ম কৰ্তাসকলো উপস্থিত থাকে।

মন্দিৰ প্ৰাঙ্গনত কাশীৰ পৰা চলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোনপটীয়া সম্প্রচাৰ উপভোগ কৰে । ইয়াৰ লগতে দোতমা মণ্ডল, কচুগাওঁ মণ্ডল, ফকিৰাগ্ৰাম মণ্ডল উক্ত অনুষ্ঠান অনুষ্ঠিত কৰে বিজেপিৰ কৰ্মকৰ্তাই।

Exit mobile version