বিবাহপাশত আবদ্ধ হ’ল একালৰ দুৰ্ধৰ্ষ এনডিএফবি নেতা জি বিদাই

427be54c 714e 4ee1 b36c 83a4fd4e33f9

একালৰ সশস্ত্ৰ সংগ্ৰামী তথা দুৰ্ধৰ্ষ এনডিএফবি নেতা জি বিদাই ওৰফে বিষ্ণু গয়াৰী আবদ্ধ হ’ল বিবাহপাশত৷বিটিআৰ শান্তি চুক্তিৰ দ্বাৰা মূলসুতিলৈ উভতি আহি এক সময়ৰ দুৰ্ধৰ্ষ এনডিএফবি নেতা গৰাকীয়ে সাধাৰণ ৰাইজৰ দৰে জীৱন যাপন কৰি আজি বৈবাহিক জীৱনৰ পাতনি মেলে৷

হাতত অস্ত্ৰ তুলি এটা সময়ত সন্ত্ৰাস চলোৱা জি বিদাই ওৰফে বিষ্ণু গয়াৰীক আজি দৰাৰ সাজত বিবাহস্থলীত দেখি আনন্দিত হৈ পৰে গাঁওবাসীৰ লগতে পৰিয়াল তথা বিদাইৰ সতীৰ্থসকল৷

বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লাৱদাংগুৰিৰ অক্সিগুৰি মইনামাতা গাঁওৰ জন্মগৃহত একে গাঁওৰে কল্পনা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয় বিদাই৷

আজি এই শুভ দিনটোত দৰাৰ সাজত থকা বিদাই আৰু কইনাক আৰ্শীবাদ দিবলৈ হাজাৰ হাজাৰ ৰাইজৰ সমাগম পৰিলক্ষিত হয়৷ জি বিদাইৰ শুভ বিবাহৰ এই ক্ষণত বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ লগতে বিটিআৰৰ কেইবাজনো জনপ্ৰতিনিধি উপস্থিত থাকি বিদাইক বৈবাহিক জীৱনৰ শুভকামনা জ্ঞাপন কৰে৷

Exit mobile version