ভাওৰাগুৰীত বিজেপিৰ কচুগাঁও মণ্ডলৰ উদ্যোগত ‘দিব্য কাশী ভাব্য কাশী’ অনুষ্ঠানৰ পোনপটীয়া সম্প্রচাৰ

WhatsApp Image 2021 12 13 at 2.09.28 PM

ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে ‘দিব্য কাশী ভাব্য কাশী’ অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ কচুগাঁও মণ্ডলৰ উদ্যোগত গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাওৰাগুৰীতস্থিত পাগলাস্থান শিৱ মন্দিৰত পূজা অৰ্চনাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ।

কাৰ্যসূচী মতে, ৰাতিপুৱা ১১ বজাত শিৱ মন্দিৰত পূজা অৰ্চনা কৰা হয় । তাৰ পাছত পূজাৰী নিৰ্মল চক্ৰৱৰ্তীয়ে, বিশিষ্ট অতিথি হিচাপে বিজেপিৰ কোকৰাঝাৰ জিলা উপ সভাপতি শান্তি ৰাম বৰ্মনৰ লগতে বিশিষ্ট লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

মন্দিৰ প্ৰাংগনত কাশীৰ পৰা চলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোনপটীয়া সম্প্রচাৰত অংশগ্ৰহণ কৰে । উক্ত কাৰ্যসূচীত মণ্ডল সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰী, উপ সভাপতি পাৰ্থ পালৰ লগতে মণ্ডলৰ বিষয়বৱীয়া আৰু আন আন কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

Exit mobile version