CBSE : কংগ্ৰেছৰ প্রতিবাদ, ‘নাৰীবিদ্বেষী’ বিতর্কৰ পৰা সাৰিবলৈ পিছ হুহকিলে চিবিএছই-য়ে, প্রত্যাহাৰ প্রশ্ন

2021 12largeimg 2039764603

লিংগ বৈষম্য সংক্রান্ত বিতর্কৰ পৰা হাত সাৰিবলৈ পিছ হুহকিলে চিবিএছই-য়ে । দশম শ্রেণীৰ ব’র্ড পৰীক্ষাৰ ইংৰাজী বিষয়ৰ বিতর্কিত প্রশ্ন প্রত্যাহাৰৰ কথা ঘোষণা কৰা হ’ল সোমবাৰে । চিবিএছই-য়ে জনাইছে, যিসকল পৰীক্ষার্থীয়ে এই প্রশ্নৰ উত্তর লিখিছে, তেওঁলোকৰ প্রত্যেককেই সম্পূৰ্ণ নম্বৰ দিয়া হ’ব ।

চিবিএছই পৰীক্ষাৰ বিতর্কিত প্রশ্নক লৈ সোমবাৰে সংসদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে, চিবিএছই দশম শ্রেণীৰ পৰীক্ষাৰ এই প্রশ্নক ‘চৰম নাৰীবিদ্বেষী’ বুলি কয় । সংসদত জিৰ’ আৱাৰৰ বক্তৃতাত তেওঁ কয়, ‘‘কেন্দ্রীয় চৰকাৰে ইয়াৰ বাবে নিঃচর্তে ক্ষমা বিচৰা উচিত ।’’ কংগ্রেছসহ কিছুসংখ্যক বিৰোধী দলৰ সাংসদসকলে কেন্দ্র নিয়ন্ত্রিত চিবিএছই-ৰ এই পদক্ষেপৰ প্রতিবাদ ৱাকআউট কৰে ।

দশম শ্রেণীৰ পৰীক্ষাৰ এটা প্রশ্নত কোৱা হয়, ‘পত্নীয়ে যদি স্বামীৰ কথা মানি চলে, সন্তানসকলেও তেওঁলোকৰ মাতৃৰ বাধ্য হ’ব’ । আন এটা বাক্যত কোৱা হয়, ‘মাতৃয়ে উচতনি দিয়াৰ বাবেই অভিভাবকসকলে সন্তানক নিয়ন্ত্রণ কৰাত সমস্যা হয়’ ।

কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে টুইটাৰত লিখে, ‘চিবিএছই-ৰ এইবাৰৰ পৰীক্ষাৰ অধিকাংশ প্রশ্নই কঠিন । ইংৰাজী বিষয়ৰ পৰীক্ষাৰ কম্প্রিহেনছন অংশ একেবাৰে ঘৃণনীয় । আৰ‌এছএছ আৰু বিজেপিয়ে মিলি দেশৰ যুৱ সমাজৰ নৈতিকতা আৰু ভৱিষ্যৎ শেষ কৰিব বিচাৰিছে । কঠোৰ পৰিশ্রমহে কাৰ্যকৰী, ধর্মান্ধতা নহয় ।’

কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়েও চিবিএছই-ৰ বিতর্কিত প্রশ্নৰ বিৰোধিতাত টুইট কৰে । তেওঁ লিখে, ‘অবিশ্বাস্য ! সঁচাকে আমি শিশুসকলক কি শিক্ষা দিব বিচাৰিছো ! স্পষ্ট হ’ল, বিজেপি চৰকাৰে মহিলাসকলৰ সম্পর্কে ভুল ধাৰণাত সমর্থন কৰে । যদি নহয় তেন্তে চিবিএছই-ৰ প্রশ্ন কাকতত কিয় ঠাই পাব ?’

Exit mobile version