CBSE 10th Question Paper : ‘মহিলাৰ স্বাধীনতাই সমাজ আৰু পৰিয়ালৰ অশান্তিৰ মূল কাৰণ’, চিবিএছ‌ই দশমৰ প্রশ্ন কাকতক লৈ তুমুল বিতর্ক !

0 kJnAjkpuXA CrbAo

পুনৰ চৰম সমালোচনাৰ সন্মুখীন দ্য চেন্ট্রেল ব’র্ড অৱ ছেকেণ্ডাৰী এডুকেছন (CBSE) ব’র্ড (CBSE 10th Question Paper) । এইবাৰ দশম শ্রেণীৰ ইংৰাজী পৰীক্ষাৰ প্রশ্ন কাকতৰ এটা পেছেজৰ অংশত মহিলাসকলৰ ভূমিকাক নেতিবাচক হিচাপে প্ৰকাশ কৰাৰ অভিযোগ (CBSE 10th Question Paper) । পেছেজত লিখা হয়, ‘পত্নীয়ৈ স্বামীৰ কথা মানি চলা বন্ধ কৰিছে আৰু সেয়ে সন্তান আৰু লগুৱাসকলে কোনো কথা নোশুনে ।’ লগতে কোৱা হয় যে, ‘মহিলাসকলৰ স্বাধীনতাই সমাজ আৰু পৰিয়ালৰ অশান্তিৰ মূল কাৰণ’ । প্রশ্ন কাকতৰ পেছেজত এনে লিখা দিয়াৰ বাবেই তুমুল বিতর্কৰ সূত্ৰপাত হৈছে (CBSE 10th Question Paper) ।

প্রশ্ন কাকতত লিখা এই পেছেজৰ পাছত শিক্ষাৰ্থীসকলৰ পৰা পেছেজৰ স্বৰ সম্পৰ্কে জানিব বিচৰা হৈছে । তাত উত্তৰৰ বিকল্পত লিখা আছে, ‘লেখক এজন পুৰুষতন্ত্রত বিশ্বাসী বা অহংকাৰী’ । পেছেজটো পঢ়ি অধিকাংশ শিক্ষাৰ্থীয়ে এই উত্তৰটোৱেই ঠিক বুলি ভাবিলেও, চিবিএছ‌ই-ৰ উত্তৰ পত্রত দেখা যায়, সঠিক উত্তৰ হিচাপে থকা বিকল্প বি ‘লেখকে জীৱনক পাতলীয়াকৈ দেখাবলৈ অভ্যস্ত’ মার্ক কৰা আছে । তাক লৈয়েই আৰম্ভ হৈছে বিতর্ক । প্রশ্ন কাকতত এই ধৰণৰ বিষয় আৰু বক্তব্যক টানি অনাত শিক্ষাৰ্থীসকলৰ পঢ়ি বুজোতেই প্রচুৰ সময় গৈছে বুলি অভিযোগ কৰিছে অভিভাৱকসকলে ।

বিতর্ক আৰম্ভ হোৱাৰ লগে লগে ব’র্ডৰ তৰফৰ পৰা মুখ্য জনসংযোগ বিষয়া ৰমা শর্মাই বিবৃতি জাৰি কৰিছে । তেওঁৰ দাবী, ইংৰাজী প্রশ্ন কাকতৰ এটা পেছেজক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ পৰা মিশ্র প্রতিক্রিয়া পোৱা গৈছে । তেওঁলোকে এই প্রশ্নৰ মাধ্যমত অপ্রগতিশীল চিন্তাধাৰা আৰু লিংগ বৈষম্যক প্রাধান্য দিয়া হৈছে বুলি ধাৰণা কৰিছে । ব’র্ডৰ পূর্ব ঘোষিত নিয়ম অনুযায়ী এই বিষয়টো বিশেষজ্ঞসকলৰ মতামতৰ বাবে প্ৰেৰণ কৰা হ’ব । ৰমা শর্মাৰ দাবী, ‘বিশেষজ্ঞসকলৰ পৰা পৰামর্শ লৈ উপযুক্ত পদক্ষেপ লোৱা হ’ব ।’

কিছুদিন আগতেই চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ টার্ম ৱানৰ ছ’চিয়’লজিৰ প্রশ্ন আহিছিল, ‘গুজৰাতত হিংসাৰ সৃষ্টি হোৱাৰ সময়ত চৰকাৰ কঠোৰ আছিল ?’ এই প্রশ্নক লৈ হৈ-চৈ আৰম্ভ হয় । পাছত বিবৃতি জাৰি কৰে চিবিএছই-য়ে । তেওঁলোকৰ দাবী, এই প্রশ্নটো যথার্থ নহয় । গুজৰাত হিংসাৰ সময়ত ক্ষমতাত কোন আছিল সেইটোৱে জানিব বিচৰা হৈছে শিক্ষাৰ্থীসকলৰ পৰা । ইয়াৰ পৰাই আৰম্ভ হয় তুমুল বিতর্ক ।

Exit mobile version