Kareena Kapoor : কৰ’নাত আক্ৰান্ত কৰিণা কাপুৰ খান, পজিটিভ তেওঁৰ বান্ধৱী অমৃতাও

the actresses never confirmed any such details on social media

কৰ’নাত আক্রান্ত অভিনেত্ৰী কৰিণা কাপুৰ খান । লগতে আক্ৰান্ত তেওঁৰ প্রিয় বান্ধৱী অভিনেত্ৰী অমৃতা আৰোৰা ।বৰ্তমান তেওঁলোক কোৱাৰেন্টাইন হৈ আছে । তথ্য অনুসৰি, বিগত কেইবাদিন তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলে কৰ’না পৰীক্ষা কৰিব লাগিব।

ADVERTISEMENT

কৰিণা আৰু অমৃতাক কেইদিনমান আগতে কৰিশ্মা কাপুৰ আৰু মালাইকা অৰোৰাৰ স’তে ঘৰুৱা পাৰ্টিত দেখা পোৱা গৈছিল। তেওঁলোকে যোৱা সপ্তাহত ছোনম কাপুৰ আৰু ৰিয়া কাপুৰৰ স’তে ডিনাৰ কৰিছিল।

কৰিণা বা অমৃতাই যদিও আক্ৰমণটোৰ বিষয়ে এতিয়ালৈকে কোনো ৰাজহুৱা বিবৃতি দিয়া নাই। কিন্তু সংবাদ সংস্থা এএনআইৰ মতে, ক’ভিড নিয়ম উলংঘা কৰি তেওঁলোকৰ কেইবাবাৰো পাৰ্টি হৈছিল।আক্ৰান্ত দুই অভিনেত্ৰীৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) ।

Exit mobile version