Omicron : প্ৰতিষেধকৰ কার্যকাৰিতা হ্ৰাস কৰে অ’মিক্রনে, বিবৃতিত দাবী বিশ্ব স্বাস্থ্য সংস্থাৰ

iStock 12168123691 1200x800 1

টিকাৰ কার্যকাৰিতা কমাই দিয়ে কৰ’নাৰ অ’মিক্রন ষ্ট্ৰেনে । ডেল্টা ষ্ট্ৰেনতকৈ ই অধিক সংক্রামক । অৱশ্যে ইয়াৰ উপসর্গৰ তীব্রতা যথেষ্ট কম । এই পর্যন্ত পোৱা তথ্যৰ ভিত্তিত এই কথা জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) ।

হু-ৱে এক বিবৃতিত জনায়, ‘‘প্রাথমিক তথ্যপ্রমাণত লাগিছে, সংক্রমণ আৰু ইয়াৰ জ্বৰৰ ক্ষেত্রত প্রতিষেধকৰ কার্যকাৰিতা কমাই দিয়ে অ’মিক্রনে । গণ সংক্রমণ ঘটিলে ডেল্টাকো পিছ পেলাই অ’মিক্রনেই প্রধান সংক্রামক ষ্ট্ৰেন হৈ উঠিব পাৰে ।’’ এই পর্যন্ত দেখা গৈছে, অ’মিক্রন আক্রান্তসকল হয় উপসর্গহীন, অথবা মৃদু উপসর্গযুক্ত । এই ষ্ট্ৰেনৰ সংক্রমণৰ ক্ষমতা কিমান তীব্রতৰ, সেয়া ক’ব পৰাকৈ যথেষ্ট তথ্য তেওঁলোকৰ হাতত নাই বুলি জনাইছে হু-ৱে ।

ভাৰতত অ’মিক্রন ষ্ট্ৰেনত আক্রান্তৰ সংখ্যা আজি ৩৩ ৰ পৰা ৩৮ লৈ বৃদ্ধি পালে । চণ্ডীগড়, অন্ধ্রপ্রদেশ আৰু কেৰালাত এয়ে প্রথম অ’মিক্রনৰ সন্ধান পোৱা গৈছে । কেন্দ্রশাসিত চণ্ডীগড় আৰু এই দুই ৰাজ্যত আজি এজনকৈ অ’মিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে । ইয়াৰ উপৰি কর্নাটক আৰু মহাৰাষ্ট্রত অ’মিক্রন আক্রান্তৰ সংখ্যা এজনকৈ বৃদ্ধি পাইছে । এই নতুন পাঁচজন ৰোগীৰ ভিতৰত এজন বিদেশী নাগৰিকো আছে ।

ইটালীৰ পৰা যোৱা ২২ নৱেম্বৰত চণ্ডীগড়ত উভতা ২০ বছৰীয়া এগৰাকী যুৱতীৰ ক’ভিড পৰীক্ষণত আজি অ’মিক্রন ষ্ট্ৰেন চিহ্নিত হয় । তেওঁ ফাইজাৰৰ দুটা ড’জেই গ্ৰহণ কৰিছিল । যুৱতীগৰাকীৰ সংস্পর্শত অহা পৰিয়ালৰ সাতজন অৱশ্যে নেগেটিভ । অন্ধ্রৰ অ’মিক্রন আক্রান্ত ৩৪ বছৰীয়া লোকজন বিদেশী নাগৰিক । তেওঁ আয়াৰলেণ্ডৰ পৰা মুম্বাইলৈ আহিছিল ।

মুম্বাইত ক’ভিড পৰীক্ষাৰ ৰিপ’র্ট নেগেটিভ অহাত তেওঁ ২৭ নৱেম্বৰত বিশাখাপত্তনমত যায় । ভিজিয়ানগৰমত দ্বিতীয় পৰীক্ষাৰ ৰিপ’র্ট পজিটিভ অহাত তেওঁৰ নমুনা জিনম ছিকোৱেন্সৰ কাৰণে প্ৰেৰণ কৰা হয় । অন্ধ্রত অহা ১৫ জন বিদেশী নাগৰিক কৰ’না পজিটিভ হোৱাৰ পাছত প্রত্যেকৰে নমুনা জিনম ছিকোৱেন্সিঙৰ বাবে পঠোৱা হয় । ১০টা ৰিপ’ৰ্ট আহিছে, তাৰ ভিতৰত এই পর্যন্ত এজনেই পজিটিভ ।

আজি কর্নাটকত নতুন ষ্ট্ৰেনত আক্রান্তৰ সংখ্যা দুইৰ পৰা বৃদ্ধি হৈ তিনি হ’ল । আক্রান্ত লোকজন সম্প্রতি দক্ষিণ আফ্রিকাৰ আহিছে । কেৰালাৰ অ’মিক্রন-আক্রান্ত লোকজন ব্রিটেইনৰ পৰা আবু ধাবি হৈ এর্নাকুলমত উভতে । তেওঁৰ পত্নী আৰু মাতৃও কৰ’না পজিটিভ । তেওঁৰ বিমানৰ ১৪৯ জন সহযাত্রীকে সতর্ক কৰা হৈছে । সম্প্ৰতি মহাৰাষ্ট্রত অ’মিক্রনত আক্রান্তৰ সংখ্যাই শীর্ষত আছে । ৰাজ্যখনত অ’মিক্রন আক্রান্তৰ সংখ্যা ১৮ । আজি নাগপুৰত ধৰা পৰা ৪০ বছৰীয়া অ’মিক্রন আক্রান্তজন সম্প্রতি পশ্চিম আফ্রিকাৰ কোনো দেশৰ পৰা উভতিছে ।

পুদুচেৰীত আজিৰ পৰা ক’ভিডৰ টিকাকৰণ বাধ্যতামূলক কৰা হৈছে । লেফটেনেন্ট গভর্নৰ তামিলিচাই সৌন্দৰৰাজনে কয়, ‘সকলোৱে যেন টিকা লয় আৰু টিকাকৰণৰ প্ৰমাণপত্র লগত ৰাখে । চৰকাৰী কৰ্মচাৰীসকলে যিকোনো সময়ত চাব বিচাৰিব পাৰে ।’

Exit mobile version