এসময়ত উপাৰ্জন বৃদ্ধিৰ বাবে টেক্সি চলাইছিল পুটিনে : তথ্যচিত্ৰত কৰিলে সদৰী

60098102 403 1639370139277 1639370155412

ছােভিয়েট ৰাছিয়াৰ পতনৰ পাছত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে নিজৰ উপার্জন বৃদ্ধিৰ বাবে টেক্সি চলাব লগা হৈছিল।

ৰাছিয়াৰ চৰকাৰী সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, পুটিনে এখন তথ্যচিত্র নিজে এই কথা স্বীকাৰ কৰি কয় যে এসময়ত তেওঁ অধিক ধন উপার্জন কৰাৰ প্ৰয়ােজন হৈছিল।

কে জি বি এজেন্ট হিচাপে পূর্বে কৰ্মৰত হােৱা পুটিনে পূর্বেও ছােভিয়েট ৰাছিয়াৰ পতনৰ সন্দৰ্ভত আফচোচ প্রকাশ কৰিছিল। কিন্তু এইবাৰ এখন তথ্যচিত্রত পুটিনে দাবী কৰা অনুসৰি, তিনি দশক পূর্বে সংঘটিত হােৱা ছােভিয়েট ৰাছিয়াৰ পতনৰ ঘটনাই আজিও সৰহসংখ্যক নাগৰিকক ত্রাসিত কৰি তােলে।

উক্ত তথ্যচিত্রত পুটিনে কয়,’ মই এজন ব্যক্তিগত গাড়ীচালক হিচাপে চাকৰি কৰি অতিৰিক্ত ধন উপার্জন কৰিব লগা হৈছিল। সঁচা ক’বলৈ হ’লে এই বিষয়ে আলােচনা কৰিবলৈ ভাল নাপাওঁ যদিও দুর্ভাগ্যজনকভাৱে এয়া সঁচা আছিল।’

‘ৰাছিয়া : ইটছ ৰিচেন্ট হিষ্ট্রি’ শীর্ষক তথ্যচিত্ৰখন চেনেল-নত প্ৰচাৰ কৰা হ’ব। এই তথ্যচিত্রত তদানীন্তন ছােভিয়েট ৰাছিয়াৰ সন্দৰ্ভত বহু তথ্য দাঙি ধৰা হৈছে।

পুটিনে প্রকাশ কৰা মতে, ছােভিয়েট ৰাছিয়াৰ পতনৰ পাছত দেশখনত ভয়াৱহ আর্থিক সংকটে দেখা দিছিল আৰু আন বহু লােকৰ দৰে তেওঁ সেই সময়ত টেক্সি চলাই অতিৰিক্ত ধন উপার্জন কৰিছিল।

Exit mobile version