অসমীয়া , ইংৰাজী আৰু বড়ো ভাষাত মুকলি ‘জ্ঞানশ্ৰোত’ শীৰ্ষক ই লাৰ্নিং এপ । প্ৰথম পৰ্যায়ত ছেবাৰ অধীনত নৱম আৰু দশম শ্ৰেণীৰ বাবে মুকলি এই পাঠ্যক্ৰমৰ এপ । মুঠ ন টা ভাষাত উপলব্ধ হ’ব এই এপ।
সমগ্ৰ ভাৰতৰ ২৩ খন ৰাজ্য,আঠ খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৪ খন শৈক্ষিক বৰ্ড সামৰি লোৱা হৈছে । ২০২২ চনৰ ভিতৰত জ্ঞানস্রোতাই আৰু ছয় খন বৰ্ড তথা অন্য ১৬ টা ভাৰতীয় ভাষা সামৰি ল’ব।
মহাৰাষ্ট্ৰ বােৰ্ডৰ বাবে শিক্ষা সামগ্ৰীসমূহ মাৰাঠী ভাষাত উপলব্ধ কৰা হ’ব, তাৰ পাছত ক্ৰমে পশ্চিম বংগ বােৰ্ডৰ আৰু ত্ৰিপুৰা বাের্ড শিক্ষা সামগ্ৰীসমূহ বাংলা ভাষাত উপলব্ধ কৰা হ’ব।
একেদৰে উৰিষ্যা বােৰ্ডৰ বাবে ওড়িয়া ভাষাত, গুজৰাট বােৰ্ডৰ বাবে গুজৰাটী ভাষাত আৰু পাঞ্জাৱ বােৰ্ডৰ বাবে পাঞ্জাবী ভাষাত সমল যুগুত কৰা হৈছে। ইংৰাজী মাধ্যমত একাদশ আৰু দ্বাদশ শ্রেণীৰ বিজ্ঞান শাখাৰ বাৰে পঠন সামগ্ৰীসমূহ সাজু কৰা হৈছে।
অফিচিয়েল ৱেবচাইট www.gyansrota.in আৰু www.gyansrota.com ত ৰাজহুৱা প্ৰ-পত্ৰ উপলব্ধ, শিক্ষার্থীসকলে তেওঁলােকৰ পাঠ্যক্ৰমৰ বাবে পঞ্জীয়ন কৰিব পাৰে।
অধিক অনুসন্ধান আৰু তথ্য লাভৰ বাবে জ্ঞানস্রোতৰ কল চেন্টাৰ নম্বৰ হৈছে – 7840850860 যি কাৰ্য্যক্ষম আৰু আঠ টা বিভিন্ন ভাষাত উপলব্ধ।