গোসাইগাঁও মহকুমাৰ কুসুমবিলত বাঁহনীৰ ঝাৰৰ পৰা পৰি এজন লোকৰ মৃত্যু হয় । মৃত লোকজন ২ নং কুসুমবিল গাঁৱৰ নিবাসী হৰিদাস বৰ্মন(৫৮) ।
তথ্য অনুসৰি, লোকজন ৰাতিপুৱা প্ৰায় ১০ বজাত বাঁহ কাটিবলৈ গৈ বাঁহনীৰ ঝাৰৰ ওপৰত উঠে । হঠাৎ ভৰি পিছলি লোকজন তলত পৰি যায় । স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰি লোকজনক ততাতৈয়াকৈ তুলসীবিল স্বাস্থ্য কেন্দ্ৰত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
সম্প্ৰতি গাঁৱৰ ৰাইজে একত্ৰিত হৈ গাঁৱৰ শ্মশানত হৰিদাসৰ নশ্বৰ দেহৰ শেষকৃত সম্পন্ন কৰে । ২০০১ৰ পৰা তেওঁ বজৰং দলৰ সদস্য আছিল । লোকজনৰ এনে আকষ্মিক মৃত্যুত সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । দুখীয়া পৰিয়ালৰ মুৰব্বীজনৰ হঠাৎ হোৱা মৃত্যুত পৰিয়ালটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায় গাওঁবাসীয়ে ।