প্ৰধান মন্ত্ৰী নিশ্চিত নিয়োগ আঁচনিৰ ওপৰত সজাগতা সভা

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ উদ্যোগত পৰিষদৰ সভাকক্ষত প্ৰধানমন্ত্ৰী নিশ্চিত নিয়োগ আঁচনিৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয় ।

এন জি অৰ সম্পাদক আব্দুল মালিকে আত ধৰা সভাখন উদ্বোধন কৰে কে ভি আই চিৰ উপ চি ই অ সুকুমল দেবে ।

উদ্বোধনী ভাষণত তেওঁ কয় যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী য়ে ডাঙৰ ডাঙৰ কাম কৰি আছে বুলি কৈ তেখেতে কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ পোষকতা কৰে ।

সভাত ডি আই চি চিৰ সম্প্ৰসাৰণ বিষয়া ৰাধিকা মোহন দাস, জনীয়া এফ এ এ এম কলেজৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, জনীয়া বজাৰৰ সফল ব্যৱসায়ী ছাহজাহান আলী, জনীয়া প্ৰেছ ক্লাৱৰ সভাপতি মইনুল হক চৌধুৰী, সম্পাদক আবুল হুছেইন উপস্থিত থাকে ।

উল্লেখ্য যে যোৱা ২৬ আগষ্টৰ পৰা ১৪ ছেপ্টেম্বৰলৈ কাঠমিস্ত্ৰী প্ৰশিক্ষণ সমাপ্ত কৰা ২০ গৰাকী কাঠমিস্ত্ৰীক নিপুণ সামগ্ৰী বনোৱা মেচিন আৰু প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

Exit mobile version