বাগসাৰ শালবাৰীৰ নৰসিংবাৰীত ৰাইজৰ উত্তাল প্ৰতিবাদ৷কেবাবছৰ ধৰি থকা এখন আৰক্ষী পহৰা চকী চৰকাৰে উঠাই নিব বিচৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ৰাইজে৷
গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত তথা শালবাৰীৰ নৰসিংবাৰীত ২০১৪ চনত স্থাপন কৰা হৈছিল এখন আৰক্ষী পহৰা চকী৷কিন্তু ওপৰ মহলৰ নিৰ্দেশানুযায়ী টালি টোপোলা বান্ধি পহৰা চকী এৰি যাব ওলাইছে তাত থকা আৰক্ষীৰ লোকসকল৷
যাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় নৰসিংবাৰী গাঁৱৰ ৰাইজ৷কাৰণ ২০১৪ চনৰ এক মে’ত বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল গাঁৱখনত৷দুৰ্বৃত্তৰ বন্দুকৰ গুলীত নিহত হৈছিল গাঁৱখনৰ তিনিজনকৈ লোক৷
আহত হৈছিল বহুকেইজন৷তেতিয়াই গাঁৱখনত এখন আৰক্ষী পহৰা চকী স্থাপন কৰা হৈছিল যদিও সেয়া আজি উঠাই নিব বিচৰাত ৰাইজে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাইজৰ দাবী ২০১৪ চনত সংঘটিত ঘটনাৰ যাতে পুণৰাবৃত্তি গাঁৱখনত নহয় তাৰবাবে আৰক্ষী পহৰা চকীখন কোনোপধ্যেই উঠাই নিবলৈ দিয়া নহ’ব৷স্থানীয় ৰাইজে আৰক্ষী পহৰা চকীৰ সমুখতেই বহি লৈ আমাক নিৰাপত্তা লাগিবই,আমি আৰক্ষীক যাব নিদিও,আৰক্ষী দিম বুলি প্ৰতিশ্ৰুতি দিব লাগিব আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷
এইক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰি স্থানীয় ৰাইজে বহু সময় ধৰি আৰক্ষী পহৰা চকীখনৰ আৰক্ষী যাব ওলোৱা বাহনখন আবদ্ধ কৰি ৰাখে৷পৰৱৰ্তী সময়ত গোৱৰ্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী প্ৰতিবাদস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজক বুজনি দি প্ৰয়োজনসাপেক্ষেহে আৰক্ষী পহৰা চকীখন নিবলৈ দিয়া হৈছে যদিও পৰৱৰ্তী সময়ত পুনৰ একে ঠাইতে পহৰা চকী স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ৰাইজ ক্ষান্ত হৈ ঘৰমুৱা হয়৷