Israa Ismail : দৃষ্টিহীন, অথচ কেমেৰাত সুন্দৰ ছবি বন্দী কৰিব পাৰে এইগৰাকী যুৱতীয়ে, কেনেদৰে ?

1639427781 israa

সপোন এটাই । ভৱিষ্যতে সাংবাদিক হোৱা । কিন্তু বাধা হৈ থিয় দিছে শাৰীৰিক প্রতিবন্ধকতাই । তৎস্বত্বেও লক্ষ্যত অবিচল । দৃষ্টিশক্তি নাথাকিলে কি হ’ব, কাণেৰে শুনি আৰু চুইয়ে ইজিপ্তৰ আলেজান্দ্রিয়া চহৰৰ পথে পথে ঘূৰি দৈনন্দিন জীৱনৰ ছবি তুলিছে ২২ বছৰীয়া যুৱতী ইছৰা ইছমাইলে ।

সাংবাদিকতাকেই জীৱিকা হিচাপে বাচি ল’ব বিচাৰিছে ইছমাইলে । তেওঁ ‌মহাবিদ্যালয়তো গণমাধ্যম বিষয়ত শিক্ষা গ্ৰহণ কৰিব বিচাৰে । সেয়ে এতিয়াৰ পৰাই ফটোগ্রাফিত পাকৈত হোৱাৰ চেষ্টা কৰিছে । ইছমাইলে কয়, ‘‘গণ মাধ্যমত শিক্ষা গ্ৰহণ কৰিবৰ বাবেই ফটোগ্রাফি বাচি লৈছো । ম‌ই সকলো প্ৰকাৰেই চেষ্টা কৰিছো, যাতে গণ মাধ্যম বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰো । কিন্তু ফটোগ্রাফিৰ পৰীক্ষাত আগতে উত্তীৰ্ণ হ’ব লাগিব । সেয়ে মহাবিদ্যালয়তে ফটোগ্রাফি লৈ শিক্ষা গ্ৰহণ কৰিছো ।’’

প্ৰথমতে ম’বাইলেৰে ছবি তুলিছিল ইছমাইলে । কিন্তু নিজেও জানিছিল, প্ৰকৃততে তেওঁ কেমেৰাত ছবি তোলাৰ অভ্যাস কৰিব‌ই লাগিব । সেই সময়ত তেওঁৰ পৰিচয় হয় খালেদ ফাৰিদ নামে এজন ফটোগ্রাফাৰৰ স’তে । তেঁৱেই ইছমাইলক কেমেৰাত ছবি তুলিবলৈ শিকায় । যুৱতীগৰাকীয়ে কয়, ‘‘ম’বাইলেৰে নহয়, কেমেৰাৰে কেনেদৰে ফটো তুলিব লাগে, খালেদেই প্রথম শিকালে মোক ।’’

তেওঁ লগতে কয়, ‘‘প্ৰথমে কোনো বস্তুক স্পৰ্শ কৰি তাৰ মাপ, আয়তন সম্পর্কে নিজে ধাৰণা কৰি ল‌ওঁ । কোনো ব্যক্তিৰ ফটো তোলাৰ সময়ত তেওঁৰ স’তে কথাও কৈ থাকো । যাতে শব্দ শুনি বুজিব পাৰো যে, লোকজন কোন ঠাইত থিয় হৈ আছে । তাৰ পাছত ছবি তোলো ।’’

ৰহমা আবদেলৰহমান আৰু তেওঁৰ স্বামীৰ ছবি তুলি দিছিল ইছমাইলে । ৰহমাই কয়, ‘‘তেওঁ প্ৰথমে আমাক স্পৰ্শ কৰি চাইছিল । আমাৰ স’তে কথাও পাতি আছিল । যাতে তেওঁ অনুমান কৰিব পাৰে, আমি ক’ত থিয় হৈ আছো । তাৰ পাছত আমাৰ বহুকেইখন ছবি তোলে ইছমাইলে । সকলো ছবিয়ে সুন্দৰ ।’’

Exit mobile version