ককায়েকৰ দায়িত্ব পালন চিআৰপিএফ জোৱানৰ,শ্বহীদ সহকর্মীৰ ভগ্নীক ধুমধামেৰে দিলে বিয়া

1639560974 army

ভগ্নীয়ে যাতে ককায়েকৰ অভাৱ অনুভৱ নকৰে সেয়ে পৰিয়ালৰ কাষত থিয় দিলে শ্বহীদ সহকৰ্মীৰ ভগ্নীক ধুমধাম কৰি বিয়া দিলে চিআৰপিএফ জোৱানসকলে । ঘটনাটো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত ।

২০২০ ত শ্বহীদ হৈছিল চিআৰপিএফ জোৱান শৈলেন্দ্ৰ প্ৰতাপ সিং । তেওঁৰ এগৰাকী ভগ্নী আছে। শৈলেন্দ্ৰৰ সপোন আছিল তেওঁৰ ভনীয়েকক অতি ধুমধামেৰে বিয়া কৰাই দিয়া। কিন্তু তাৰ আগতে তেওঁ সন্ত্ৰাসবাদীৰ স’তে সংঘৰ্ষত নিহত হৈছিল।

কিন্তু শৈলেন্দ্ৰৰ সহকৰ্মীসকলে তেওঁৰ সপোন পূৰণ কৰাৰ বাবে ককায়েকৰ দায়িত্ব পালন কৰিলে। তেওঁলোকে দুখৰ সময়ত লগত থকাৰ লগতে ভনীয়েকক বিয়া কৰোৱাৰ দায়িত্ব পালনতো কোনো ক্ৰুটি এৰা নাই তেওঁলোকে ।

সম্প্ৰতি শৈলেন্দ্ৰৰ ভনীয়েকৰ বিবাহ সম্পন্ন হয় গৈছে । বিয়াৰ যাৱতীয় আয়োজনৰ পৰা আৰম্ভ কৰি বিয়াৰ কইনা বিদায়লৈকে-সকলো কৰিছে জোৱানসকলে ।

বিগত সোমবাৰে বিয়াত সকলোকে আচৰিত কৰি উপস্থিত হৈছিল শৈলেন্দ্ৰৰ সহকৰ্মীসকল। তাত দেখা গৈছে , শৈলেন্দ্ৰৰ পৰিয়ালৰ লগতে বিয়াৰ অতিথিসকলো আৱেগিক হৈ পৰিছিল।

চিআৰপিএফৰ এজন বিষয়াৰ মতে, “জোৱানসকলে এজন ভাতৃৰ দায়িত্ব পালন কৰিছিল। শৈলেন্দ্ৰৰ অভাৱ যাতে তেওঁৰ ভগ্নীয়ে আৰু পৰিয়ালৰ সদস্যই অনুভৱ নকৰে তাৰ বাবে তেওঁলোকৰ কাষত থিয় দিছো আমি থিয় দিছোঁ ।”

বিয়াখনৰ এটা ভিডিঅ’ও বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাত, জোৱানসকলে তেওঁলোকৰ পোছাক পৰিধান কৰি শৈলেন্দ্ৰৰ ভগ্নীক মণ্ডপলৈ লৈ যোৱা দেখা গৈছে ।

শৈলেন্দ্ৰৰ পিতৃয়ে এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয়, “মোৰ পুত্ৰ এতিয়া এই পৃথিৱীত নাই, কিন্তু এতিয়া মোৰ বহুতো পুত্ৰ আছে। তেওঁলোক সদায় আমাৰ সুখ আৰু দুখত কাষত আছে। ” চিআৰপিএফ জোৱানসকলৰ এই কৰ্মক প্ৰশংসাৰে উপচাই তুলিছে সামাজিক মাধ্যম ।

Exit mobile version