গোসাইগাওঁৰ চৌতাৰা ৰেল ষ্টেচনৰ সমীপত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

murder.1.1294061

গোসাইগাওঁৰ চৌতাৰা ৰেল ষ্টেচনৰ সমীপৰ কুসুমবিলত ৰেলে কাটি এজন মহিলাৰ মৃত্যু। ২২৪৪৯ নম্বৰৰ নামনিমুৱা সম্পৰ্ককান্তি এক্সপ্ৰেছৰ তলত পৰি অচিনাক্ত মহিলাগৰাকীৰ মৃত্যু হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

ADVERTISEMENT

ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃত মহিলা গৰাকীক উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে। মহিলাগৰাকীৰ এনে মৃত্যুত সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

Exit mobile version