বছৰ বছৰ ধৰি উকা হৈ থকা উৰ্বৰা কৃষিভৃমিক পুনৰ জীপাল কৰাৰ পদক্ষেপ ৰঞ্জিত দাসৰ

b540ea47 8f60 410b b32d 84396c894d54

আজি বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ উদ্যোগত চৰকাৰৰ জেষ্ঠ মন্ত্ৰী তথা পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ পৃষ্ঠপোষকতাত মৰ্কাত অনুষ্ঠিত বিশেষ ৰাইজ মেলত উপস্থিত থাকি দুখ আৰু বেদনাত ভাগি পৰা একাংশ কৃষকে ক্ষোভ উজাৰে।

বজালী জিলাৰ মাজেৰে বৈ যোৱা ৩১ নং ৰাষ্টীয়ঘাই পথ নিৰ্মাণ আৰু একাংশ লোকে কোনো ধৰনৰ অনুমতি নলোৱাকৈ জধে মধে ঘৰ সজাই কৃষকৰ পথাৰৰ পৰা পানী ওলাই যোৱা সুতি সমুহ বন্ধ কৰি দিয়াৰ ফলত বিগত প্ৰায় পোন্ধৰ বছৰে মেটেকা হাবি জংঘলে আবৰি ৰাখিছে উৰ্বৰা কৃষিভৃমি সমুহ।

কৃষিপ্ৰধান অঞ্চল হিছাপে পৰিচিত বজালীৰ হেজাৰ হেজাৰ বিঘা উৰ্বৰা কৃষিভৃমি সমুহ উকা হৈ পৰি ৰোৱাৰ উপৰি ইয়াৰ পানী সমুহো অতি বিষাক্ত হৈ পৰিছে।এনে অবস্থাত এই কৃষিভৃমিক উদ্ধাৰ কৰি পুনৰ সেই সোনালী দিন কৃষকক ঘুৰাই দিয়াৰ বাবে আগবাঢ়ি আহিছে অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী তথা পাটাছাৰকুছিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে।

সভাত উপস্থিত থাকি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে আমাৰ ভূলৰ বাবে সৃষ্টি হোৱা সমস্যা আমি নিজে সমাপন কৰিব লাগিব বুলি মন্তব্য কৰি যেনেকৈ নহলেও এই সমস্যা সমুহৰ সমাধান কৰি অহা বছৰৰ পৰা ৰাইজক সকলো খেতি কৰাৰ সুবিধা কৰি দিয়া হব বুলি মন্তব্য কৰে।

আজি বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ সভাপতিত্বত বজালীৰ মৰ্কাত অনুষ্ঠিত কৃষক সভাত অঞ্চলটোৰ কেবাজনো কৃষকে আবেগিক মন্তব্য দাঙি ধৰে।

জিলা প্ৰশাসন আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এনে অভিলাষী আঁচনিক সকলোৱে শলাগ লৈছে ।

Exit mobile version