বাগসাৰ কালপানীত পুনৰ বন বিভাগে ট্ৰেংকুলাইজ কৰিলে এটি ভালুক

6d89585e 9909 4ee7 8be0 936b8019dab8

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পুনৰ ওলাই অহা এটা ভালুক আজি বন বিভাগে ট্ৰেংকুলাইজ কৰে বাগসাৰ শালবাৰীৰ কালপানীৰ সমীপৰ কলবাৰীত৷

তথ্য অনুসৰি মানাহৰ নাতি দূৰৈৰ কালপানীৰ কলবাৰীত আজি ৰাতিপুৱাৰ ভাগত এঘৰ লোকৰ বাৰীত স্থানীয় লোকে ভালুকটো প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতেই হুৱাদুৱা লাগে অঞ্চলটোত৷

ঘটনাৰ খবৰ পাই লগে লগে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ ভালুকটোৰ সন্ধানত ব্যস্ত হৈ পৰে৷ বহুদেৰি ভালুকটোৰ সন্ধান নোপোৱাত পিছৰ পৰ্যায়ত মানাহৰ পৰা বিভাগীয় হাতী আনি হাতীৰ সহায়তহে ভালুকটোৰ সন্ধান উলিয়ায় বন বিভাগৰ লোকে৷

অৱশেষত হাতীৰ সহায়তেই বিভাগীয় পশু চিকিৎসকে ভালুকটো ট্ৰেংকুলাইজ কৰি পৰৱৰ্তী সময়ত মানাহৰ অৰণ্যত মুকলি কৰি দিয়ে ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মানাহৰ পৰা জনাঞ্চললৈ ওলাই অহা কেবাটাও ভালুক মানাহৰ দাঁতিকাষৰীয়া ভিন্ন ঠাইত ট্ৰেংকুলাইজ কৰি পুনৰ মানাহৰ অৰণ্যত মুকলি কৰি দিছিল বন বিভাগৰ লোকে৷

Exit mobile version