মুম্বাইত ফোনত কথা পাতি যানবাহন চলালে ভৰিব লাগিব ১০ হেজাৰৰ জৰিমনা

from today delhi police to levy on the spot fines for traffic violations

মুম্বাইত এতিয়াৰে পৰা যানবাহন আইন ভংগ কৰিলে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব । কোনো ব্যক্তিয়ে বাহন চলোৱাৰ সময়ত ম’বাইলত বাৰ্তালাপ কৰি ধৰা পৰিলে পূৰ্বৰ দুশ টকাৰ জৰিমনা ভৰিব লাগিব । দ্বিতীয়বাৰ একে ঘটনা সংঘটিত কৰিলে উক্ত ব্যক্তিক ১০ হেজাৰ টকালৈকে জৰিমনা বিহা হ’ব ।

ADVERTISEMENT

আনহাতে, অনাধিকৃত বাহন পাৰ্কিঙৰ ক্ষেত্ৰত পাঁচ হেজাৰ টকা, অনুজ্ঞাপত্ৰ নবীকৰণ নকৰালে পাঁচ হেজাৰ টকা, দ্ৰুতগতিত বাহন চলালে চাৰি হেজাৰ টকা, অনাহকত হৰ্ণ বজালে ৫০০-১৫০০ টকা আৰু বীমা অবিহনে বাহন চলালে ২০০০-৪০০০ টকালৈকে জৰিমনা ভৰিব লাগিব । হেলমেট অবিহনে দুচকীয়া বাহন চলালে প্ৰথমবাৰ ৫০০ টকা আৰু দ্বিতীয়বাৰ ১৫০০ টকাৰ জৰিমনা ভৰিব লাগিব ।

Exit mobile version