Bipin Rawat Chopper Crash : গ্রুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান

cpom7r7g group captain varun

সাত দিন জীৱন-মৰণৰ স’তে যুঁজি অৱশেষত আজি মৃত্যুক সাৱটি ল’লে কুন্নুৰত হেলিকপ্টাৰ দুর্ঘটনাত জীৱিত, গ্রুপ কেপ্টেইন বৰুণ সিঙে । তেওঁ সেনা হাস্পাতালত চিকিৎসাধীন হৈ আছিল ।

যোৱা আঠ ডিচেম্বৰত তামিলনাডুৰ ছুলুৰৰ পৰা ৱেলিংটন যোৱাৰ উদ্দেশ্যে আকাশত উৰিছিল সেনাৰ এমআই-১৭, ভি-৫ হেলিকপ্টাৰখন । বিমানখনত সস্ত্রীক চিডিএছ বিপিন ৰাৱতসহ ১৪ জন যাত্ৰী আছিল । বিয়লি ১২বাজি ৪০ মিনিটত নীলগিৰিৰ এখন চাহ বাগিচাত হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় কপ্টাৰখন ।

প্রত্যক্ষদর্শীসকলে জনায়, হেলিকপ্টাৰখন এটা গছত খুন্দা লগাৰ পাছত তাতে জুই লাগি যায় । তাৰ পাছত আন এটা গছত খুন্দা লাগি মাটিত পৰি যায় । দুর্ঘটনাত সেনা প্ৰধানসহ সকলোৰে মৃত্যু হয় যদিও গ্রুপ কেপ্টেইন বৰুণ সিং কথমপি ৰক্ষা পৰে । এই ঘটনাত তেওঁৰ শৰীৰৰ অধিকাংশ জ্বলি যায় । তেওঁক দ্রুত উদ্ধাৰ কৰি নিকটৱর্তী ৱেলিংটনৰ সেনা হাস্পাতালত ভর্তি কৰা হয় । পৰিস্থিতিৰ অবনতি ঘটাত তেওঁক স্থানান্তৰিত কৰা হয় বেংগালুৰুৰ কমান্ড হাস্পাতালত । প্ৰায় সাত দিন বৰুণে মৃত্যুৰ স’তে যুঁজি, অৱশেষত জীৱন যুঁজত হাৰ মানে ।

হেলিকপ্টাৰ দুর্ঘটনাত একমাত্র জীৱিত আৰোহী বৰুণৰ প্রয়াতত শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

Exit mobile version