Pakistani Terrorist : সেনাৰে হোৱা সংঘৰ্ষত পুঞ্চত পাকিস্তানী সন্ত্ৰাসবাদী জাৰাৰৰ মৃত্যু

abu zarar

কাশ্মীৰত সন্ত্ৰাস দমনত বৃহৎ বৃহৎ সাফল্য লাভ কৰিছে সেনাবাহিনীয়ে । মঙলবাৰে পুঞ্চৰ সেনা সংঘর্ষত পাকিস্তানী সন্ত্ৰাসবাদী আবু জাৰাৰ মৃত্যু হয় । সেনাৰ দাবী, জম্মু আৰু কাশ্মীৰৰ পুঞ্চ-ৰজৌৰী ছেক্টৰত সন্ত্ৰাসবাদী কার্যকলাপ বৃদ্ধি আৰু সেনাবাহিনীৰ জোৱানসকলৰ ওপৰত ‘ভয়ংকৰ’ আক্রমণ কৰাৰ দায়িত্ব আছিল জাৰাৰৰ ।

সেনাৰ তৰফৰ পৰা জনোৱা হৈছে, চলিত বছৰৰ আগষ্টত পুঞ্চ জিলাত প্রথম দেখা গৈছিল পাকিস্তানী নাগৰিক জাৰাৰক । বাহিনীৰ ওপৰত আক্রমণ চলাৱাৰ লক্ষ্যৰেই তেওঁ ভাৰতত আহিছিল । সেনাৰ এজন বিষয়াই কয়, ‘‘আবু জাৰাৰ মৃত্যু নিৰাপত্তাৰক্ষীসকলৰ বৃহৎ সাফল্য । ৰজৌৰি-পুঞ্চ ছেক্টৰত সন্ত্ৰাসবাদী কার্যকলাপ বৃদ্ধি আৰু সেনাৰ ওপৰত বৃহৎ আক্ৰমণ কৰাই আছিল তেওঁৰ মূল লক্ষ্য ।’’

তেওঁ আৰু জনায় যে, পীৰ পাঞ্জালৰ দক্ষিণ অংশত সক্রিয়তা বৃদ্ধি কৰিছিল জাৰাৰে । স্থানীয় যুৱকসকলক সন্ত্ৰাসবাদী দলত জড়িত কৰোৱাৰো চেষ্টা চলাইছিল ।

বিগত কিছু মাহত পুঞ্চ-ৰজৌৰি অঞ্চলত নিয়ন্ত্রণৰেখাৰ কাষত মুঠ আঠজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে । যোৱা মাহত সেনাৰ স’তে হোৱা সংঘৰ্ষত হাজি আৰিফ নামে সন্ত্ৰাসবাদীৰ গাইডজনৰ মৃত্যু হয় । তেওঁ পাকিস্তানী সন্ত্ৰাসবাদীক ভাৰতত প্ৰৱেশ কৰাত সহায় কৰিছিল বুলি জনায় সেনা বিষয়াজনে । বিগত কেইমাহত এই এলাকাত সন্ত্ৰাসবাদী দমনৰ কাৰ্যত সাফল্য আহিছে বুলিও দাবী কৰিছে সেনাই ।

Exit mobile version