বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ সন্দৰ্ভত বিশ্ববাসীক সকীয়নি দিলে। হুৱে এক সতর্কবার্তাত কয় যে অ’মিক্রনৰ ব্যাপক সংক্রমণৰ ফলত আগন্তুকসময়ত বিশ্বজুৰি চিকিৎসালয়ত ভর্তি হােৱা ৰােগীৰ সংখ্যা আৰু মৃতকৰ সংখ্যা যথেষ্ট বৃদ্ধিৰ শংকা আছে।
ADVERTISEMENT
আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে বিবৃতিত কয় যে অ’মিক্রনৰ সংক্ৰমণৰ ঘটনা সমগ্র বিশ্বতে দ্রুতগতিত বৃদ্ধি পাইছে আৰু ইয়াৰ প্রতি লক্ষ্য ৰাখিলে শংকা কৰিব পাৰি যে চিকিৎসালয়ত ভর্তি হােৱা ৰােগীৰ সংখ্যা আৰু মৃত্যু হােৱা লােকৰ সংখ্যা আগন্তুক সময়ত বৃদ্ধি পাব।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, অ’মিক্রনক ভালদৰে জানিবলৈ এতিয়াও অধিক তথ্য আহৰণৰ প্ৰয়ােজন আছে।