আইমী বৰুৱাৰ প্ৰশংসনীয় পদক্ষেপ

ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেত্ৰী আইমী বৰুৱাৰ প্ৰশংসনীয় পদক্ষেপ। শীতাৰ্ত জনতাক বিতৰণ কৰিলে উমাল বস্ত্ৰ। বৃহস্পতিবাৰে জাগীৰোডৰ গোপাল কৃষ্ণ চাহ বাগিচাত একাংশ আৰ্থিকভাৱে দুৰ্বল লোকৰ মাজত শীতকালী ব্যৱহাৰৰ বাবে অভিনেত্ৰী আইমী বৰুৱাই বিতৰণ কৰে উমাল বস্ত্ৰ।

ADVERTISEMENT

এই বস্ত্ৰ বিতৰণ কাৰ্যসূচীৰ স’তে সংগতি ৰাখি এখনি সভাও অনুষ্ঠিত কৰা হয় । সভাত অভিনেত্ৰী গৰাকীক সংগ দিয়ে সমাজকৰ্মী নাৰায়ণ ৰাডু কাকতি , প্ৰবীণ ডেকা , উদ্যোগপতি জিৎ নাৰায়ণ শ্ৰীবাস্তৱ ,জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগকে প্ৰমুখ্য কৰি কেবাগৰাকীও গণ্য মান্য ব্যক্তিয়ে।

Exit mobile version