কটন বিশ্ববিদ্যালয়ত ‘আকাশ চুবলৈ মন’ শীৰ্ষক অনুষ্ঠান

দুৰ্ঘটনাত ভৰি হেৰুওৱা কটনৰ ছাত্ৰক কৃত্ৰিম ভৰি সংৰোপন কৰালে ড° সমুজ্জ্বল ভট্টাচাৰ্যই

‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে/অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা’- বিশ্ববৰেণ্য ড° ভূপেন হাজৰিকাৰ এই কথাকেই সৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰত্যক্ষ প্ৰচেষ্টাত আজি এক আশাৰ খবৰৰ সাক্ষী হ’ল কটন বিশ্ববিদ্যালয় । কিয়নো সৰুতেই দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই এক কষ্টসাধ্য জীৱনৰ পথত খোজ দিয়া সঞ্জয় বড়ো নামৰ কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা সফলভাৱে সম্পন্ন হয় । এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত হয় ‘আকাশ চুবলৈ মন’ শীৰ্ষক এক মননশীল অনুষ্ঠান ।

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাসে উদ্বোধনী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ আৰম্ভণিতে এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰে । তথ্যচিত্ৰখনিৰ জৰিয়তে মেধাৱী ছাত্ৰ সঞ্জয় বড়োৱে জীৱনৰ কঠিনতা স্বত্বেও আগবাঢ়ি যোৱাৰ মানসিক দৃঢ়তাক প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰগৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ সমগ্ৰ পৰিক্ৰমা দাঙি ধৰে । ইয়াৰ পাছতেই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱা হয় ।

অনুষ্ঠানটোতে সঞ্জয়ক এক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে । অনুষ্ঠানটোত উপস্থিত থাকি সঞ্জয়ৰ ভাতৃ অজয় বড়োৱে আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্য আৰু কটন বিশ্ববিদ্যালয় আছু গোটৰ প্ৰচেষ্টাৰ শলাগ লয় । অনুষ্ঠানত নিজৰ মত প্ৰকাশ কৰি সঞ্জয়য়ে নিজৰ জীৱনৰ যটিলতা আৰু বিশ্ববিদ্যালয়ত লাভ কৰা বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য অভিজ্ঞতা ব্যক্ত কৰে ।

ভাষণ প্ৰসংগত ড° ভট্টাচাৰ্যই কয়, ‘সঞ্জয় বড়োৰ বাবে কটনিয়ানসকলে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁ‌চাকৈ প্ৰশংসনীয় । কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই আজি এই কথা আমি সমগ্ৰ অসমক ক’ব খোজো যে কোনো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাত পৰি বিষাদগ্ৰস্ত হ’ব নালাগে । ভৱিষ্যত দিনত নিজৰ সতীৰ্থসকলক সহায় কৰিবলৈ অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিব । কটনিয়ানৰ মানৱতাৰ এই আন্দোলন সমগ্ৰ অসমতে বিয়পি পৰক ।’

উল্লেখ্য যে, প্ৰায় ১২ বছৰ পূৰ্বে ঠেলা লৈ কামলৈ উলাই যাওঁতে এটা দুৰ্ঘটনাত পতিত হৈছিল বিজনীৰ কণমানি সঞ্জয় বড়ো । দুৰ্ঘটনাত সঞ্জয়ৰ এখন ভৰি ভাঙি গৈছিল । কিন্তু সৰুতেই পিতৃহাৰা হোৱা সঞ্জয়ৰ আৰ্থিকভাৱে অতি পিছপৰা পৰিয়ালটোৰ বাবে গুৱাহাটীলৈ আহি চিকিৎসা কৰোৱাটো সম্ভৱপৰ নাছিল । যাৰ বাবে স্থানীয় কবিৰাজৰ জৰিয়তেই সঞ্জয়ৰ চিকিৎসা কৰোৱা হৈছিল । যাৰ ফলত ভঙা ভৰিখনৰ সংক্ৰমণ হৈ পৰৱৰ্তী সময়ত ভৰিখন হেৰুৱাবলগীয়া হৈছিল মেধাৱী ছাত্ৰজনে । ইয়াৰ পাছতো হাৰ নমনা ছাত্ৰজনে জীৱনৰ কঠোৰ সংগ্ৰাম চলাই গৈছিল । কঠিনতাৰ মাজেৰেই সঞ্জয়ে বিজনী কলেজৰ পৰা দৰ্শন বিভাগত স্নাতক আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ত সঞ্জয়ে নামভৰ্তি কৰাৰ পাছতেই তেওঁৰ সতীৰ্থ কটনিয়ান আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আৱাসীসকলে তেওঁৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰাৰ সপোন দেখিছিল । বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ উপদেষ্টা ড° ভট্টাচাৰ্যৰ প্ৰচেষ্টাত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থা, প্ৰাক্তন ছাত্ৰ নেতা হৃষীকেশ বৰঠাকুৰকে আদি কৰি বিভিন্নজনৰ সহযোগিতাত এয়া সম্ভৱ হৈ উঠে ।

চলিত বৰ্ষত প্ৰায় তিনি লাখ ৮০ হেজাৰ টকা ব্যয় সাপেক্ষে সঞ্জয়ক এখন উন্নত প্ৰযুক্তি সম্পন্ন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰা হয় । যাৰ সহায়ত ভৱিষ্যত দিনত সঞ্জয়ে অধিক সক্ৰিয়তাৰে কাম কৰি যোৱাত সফল হ’ব ।

স্মৰ্তব্য যে আজিৰ অনুষ্ঠানটো নেছ’ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্য, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাস, বিশিষ্ট সাংবাদিক গৌতম শৰ্মা, বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সঞ্জয় কুমাৰ দত্ত, বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° প্ৰশান্ত শৰ্মা, অধ্যাপিকা ড° ফুনু দাস, কটন কলেজ এলামনাই এছ’চিয়েনৰ সাধাৰণ সম্পাদক জগদীশ দত্ত, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুচেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি দাস, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাইফুদ্দিন আহমেদসহ বহু লোক উপস্থিত থাকে ।

Exit mobile version