পুঁজিৰ অভাৱ: অৰ্ধনিৰ্মিত হৈয়ে ৰ’ল পিএমএৱাই নগৰ আঁচনিৰ গৃহ

Centre increases carpet area of houses under PMAY FB 1200x628 compressed

পুঁজিৰ অভাৱত ৰাজ্যত প্রধানমন্ত্রী আৱাস যােজনা (নগৰ)ৰ গৃহ নির্মাণত বিৰাজ কৰিছে স্থৱিৰ। ফলত সমস্যাত পৰিছে। হেজাৰ হেজাৰ হিতাধিকাৰী। পুঁজি কেতিয়ালৈ চৰকাৰে মুকলি কৰিব তাৰ কোনাে নিশ্চয়তা নাই।

ইপিনে, আঁচনিৰ অধীনত নতুন ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলে অস্থায়ীভাৱে তম্বু অথবা এখন চালিৰ তলত সাময়িকভাৱে বাস কৰিবলগীয়া হৈছে; কিন্তু হঠাৎ পুঁজিৰ যােগান বন্ধ হৈ পৰাত সন্মুখত আধাসজা ঘৰটো লৈ তেওঁলােকে জাৰতাে অনির্দিষ্ট কাললৈ ৰৈ থাকিবলগীয়া হৈছে।

নগৰৰ উপযুক্ত সকলাে লােকক একোটাকৈ বাসগৃহ প্রদানৰ কেন্দ্রীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখনৰ অধীনত ইতিমধ্যে ৰাজ্যত ২৯ হেজাৰৰ অধিক ঘৰৰ নির্মাণ সম্পূর্ণ হৈছে।

আনহাতে, ৪৯ হেজাৰৰ অধিক ঘৰৰ নিৰ্মাণ অব্যাহত আছে। তাৰে যােৱা বিধানসভা নির্বাচনৰ আগমুহূর্তত যিসকলে প্রথম কিস্তিৰ ধন লাভ কৰিছিল তেওঁলােকে সম্প্রতি সন্মুখত তিনি ভাগৰ এভাগহে নির্মাণ হােৱা ঘৰটো সন্মুখত লৈ বহি থাকিবলগীয়া হৈছে।

উল্লেখ্য যে তিনিটা কিস্তিত ঘৰ নিৰ্মাণৰ ধন চৰকাৰে মােকলাই দিয়ে। প্রথম কিস্তিত ৮০ হেজাৰ টকা দিয়া হয়। দ্বিতীয় কিস্তিত দিয়া হয় ৯০ হেজাৰ টকা আৰু শেষত ৩০ হেজাৰ টকা দিয়া হয়।

নিয়ম অনুসৰি সকলাে প্রক্রিয়া শেষ হােৱাৰ পাছত প্রথমে ৮০ হেজাৰ টকা হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে জমা দিয়ে। সেই ধনেৰে ভূমিৰ পৰা ভেটিলৈ নিৰ্মাণ কৰিব লাগে।

তাৰ পাছত ‘ জিঅ’ টেগ’ পদ্ধতিৰে নিৰ্মাণৰ কাম বিভাগীয়ভাৱে পর্যবেক্ষণ কৰা হয়। নিয়ম অনুসৰি কাম হােৱাৰ পাছত অতি বেছি ২০ দিনৰ ভিতৰতে দ্বিতীয় কিস্তিৰ ধন মােকলাই দিয়া হয়; কিন্তু নির্বাচনৰ পূর্বে যিসকলে প্রথম কিস্তিৰ ধন লাভ কৰি নিয়ম অনুসৰি নির্মাণে সম্পূর্ণ কৰিছে সেইসকল হিতাধিকাৰীয়ে দ্বিতীয় কিস্তিৰ বাবে ৰৈ থাকিবলগীয়া হৈছে।

অথচ পৌৰসভা আৰু নগৰ সমিতিবােৰৰ পৰা ফাণ্ড ট্রেন্সফাৰ অৰ্ডাৰ’ (এফ টি অ’) কেতিয়াবাই বিভাগলৈ প্ৰেৰণ কৰিছে। অথচ নতুন চৰকাৰ গঠনৰ সাতমাহ উকলি যােৱাৰ পাছতাে দ্বিতীয় কিস্তিৰ ধন হিতাধিকাৰীসকলে লাভ কৰা নাই।

জিলাই জিলাই উপায়ুক্তসকলক হিতাধিকাৰীৰ লগতে বিভিন্ন দল-সংগঠনে পৰৱৰ্তী কিস্তিৰ ধন বিচাৰি আবেদন-স্মাৰকপত্র দাখিল কৰিছে; কিন্তু এই পর্যন্ত ধন লাভৰ সময়ৰ আশ্বাস কোনেও দিব পৰা নাই।

উদাহৰণ স্বৰূপে বৰপেটা পৌৰসভা অঞ্চলৰ সাত শতাধিক পৰিয়ালে প্রথম কিস্তিৰ ধন আদায় পােৱাৰ পাছত নিয়ম অনুসৰি নির্মাণ সম্পূর্ণ কৰাটো দ্বিতীয় কিস্তিৰ ধন।আদায় পােৱা নাই। এই সন্দৰ্ভত জিলা উপায়ুক্তক স্মাৰকপত্র প্রদান কৰা হৈছে যদিও হিতাধিকাৰীসকলে কোনাে সঁহাৰি লাভ কৰা নাই।

উদ্ভৱ হােৱা পৰিস্থিতি সন্দৰ্ভত দিছপুৰৰ বিভাগীয় সূত্রই সদৰী কৰে যে প্রকৃতাৰ্থত পুঁজিৰ ক্ষেত্ৰত হােৱা জটিলতাৰ বাবেই ‘সাময়িকভাৱে’ ধন মােকলাই দিয়াৰ ক্ষেত্ৰত সময়ৰ ইফাল-সিফাল হৈছে। তদুপৰি হিতাধিকাৰীৰ ক্ষেত্ৰত কিছু আসােৱাহ একাংশৰ ক্ষেত্ৰত পােহৰলৈ আহিছে।

Exit mobile version