বজালীত‌ গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ সভা

স্বাধীনতাৰ ছহিদৰ নামত প্ৰতিযোগিতাৰ বটাঁ

f89884b0 3e7c 4d62 af06 44d7dd05731d

সমাগত গণৰাজ্য দিৱসৰ প্ৰস্ত্ততি সন্দৰ্ভত বজালীত আজি এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বিশেষ সভাত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়া , শিক্ষানুষ্ঠানৰ মুৰব্বী সকল , স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে ।

উপায়ুক্ত দেৱ চৌধুৰীয়ে সকলো বিভাগকে বিভাগীয় কাৰ্যক্ৰমৰ খতিয়ান গণৰাজ্য দিৱসৰ জিলাৰ কেন্দ্ৰীয় কাৰ্যসূচীত প্ৰদৰ্শন কৰাৰ বাবে নিৰ্দেশ দিয়ে ।

প্ৰদৰ্শিত কাৰ্যক্ৰম যাতে আকৰ্ষণীয় হয় তাৰ ওপৰতো গুৰুত্ব দিবলৈ দেৱ চৌধুৰীয়ে আহ্বান জনায় । আনহাতে গণৰাজ্য দিৱসৰ প্ৰসঙ্গত অনুষ্ঠিত কৰা বিভিন্ন বটাঁ সমূহ এইবেলি বিয়াল্লিশৰ স্বাধীনতা আন্দোলনৰ ছহিদ মদন বৰ্মণ , ৰাউতাৰাম কোঁচ , আৰু স্বাধীনতা সংগ্ৰামী অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামত প্ৰদান কৰা হব বুলি উপায়ুক্তই সভাক জানিবলৈ দিয়ে ।

ইয়াৰোপৰি এইবাৰ দিৱসৰ উপলক্ষ্যত পাটাছাৰকুছি আৰু পাঠশালাৰ মাজত এখন প্ৰীতি ফুটবল খেলো অনুষ্ঠিত হব । মনকৰিবলগীয়া যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰাই জিলাখনৰ ভিন্ন প্ৰান্তত অনুভাষ যন্ত্ৰ ৰ দ্বাৰা দেশপ্ৰেম মূলক গীতমাত প্ৰচাৰ কৰা হব বুলিও মত পোষণ কৰে জিলা উপায়ুক্তই ।

Exit mobile version