Bitcoin : নিষেধাজ্ঞা নহয় নিয়ন্ত্রণ, ক্রিপ্টোকাৰেন্সি সন্দৰ্ভত মোদী চৰকাৰক বার্তা আইএমএফ-ৰ

crypto currencies

নির্বিচাৰে ডিজিটেল মুদ্রা বা ক্রিপ্টোকাৰেন্সিৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ প্রয়োজন নাই । ডিজিটেল মুদ্রাৰ লেনদেন নিয়ন্ত্রণ কৰা উচিত বুলি ধাৰণা কৰি আন্তর্জাতিক বিত্ত ভাণ্ডাৰৰ (আইএমএফ) মুখ্য অর্থনীতিবিদ গীতা গোপীনাথে ।

‘নেচনেল কাউন্সিল অৱ এপ্লায়েড ইকনমিক ৰিছার্চ’ (এনচিএআইআৰ) আয়োজিত এটা আলোচনাসভাত গীতাই কয়, ‘‘নিষেধাজ্ঞা জাৰিৰ পৰিৱর্তে বিশ্বজুৰি ভার্চুৱেল সম্পদৰ ক্রমবর্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এটা আন্তর্জাতিক নীতি প্রণয়ন কথা উচিত ।’’ উন্নয়নশীল দেশসমূহে ক্রিপ্টোকাৰেন্সিৰ ব্যৱহাৰ নিয়ন্ত্রণৰ মাধ্যমত আর্থিকভাৱে উপকৃত হ’ব পাৰে বুলিও তেওঁ জনায় ।

নৰেন্দ্র মোদী চৰকাৰৰ কিছু মাহ পূৰ্বে এই আইন প্ৰনয়ন কৰি বিটকয়েনৰ দৰে কিছু ক্রিপ্টোকাৰেন্সি নিষিদ্ধ কৰাৰ প্রক্রিয়া আৰম্ভ হয় । বিটকয়েনৰ লেনদেন সংক্রান্ত বিষয়ত ফৌজদাৰী গোচৰৰ ধাৰাও প্রস্তাৱিত বিলচ যুক্ত কৰা হৈছে বুলি চৰকাৰী সূত্রৰ খবৰ । যদিও চলিত সপ্তাহত চৰকাৰী সূত্রে ইংগিত পোৱা গৈছে যে নিষেধাজ্ঞাৰ পৰিৱর্তে এই ক্ষেত্রত কিছু বিধিনিষেধ জাৰি কৰা হ’ব পাৰে ।

গীতাৰ মতে, আন্তর্জাতিক নীতি গৃহীত নহ’লে কোনো দেশৰ পক্ষে এককভাৱে ক্রিপ্টোকাৰেন্সি নিষিদ্ধ কৰাৰ উদ্যোগত সফল হোৱা কঠিন । কাৰণ, সীমান্তৰ সীমাৰেখা নামানি বিশ্বৰ যিকোনো দেশৰ পৰা ক্রিপ্টোকাৰেন্সিৰ বযৱসায় চালোৱা সম্ভৱ ।

উল্লেখ্য, ২০১৯-ৰ জুলাইত ভাৰতত বিটকয়েনসহ সমস্ত ক্রিপ্টোকাৰেন্সিৰ লেনদেন বন্ধ কৰি দিছিল ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই (আৰবিআই) । বাণিজ্যিক বেংকসমূহক এটা নির্দেশনা পঠাই আৰবিআই-য়ে জনাইছিল, ক্রিপ্টোকাৰেন্সি কিনা-বেচা বা লেনদেন কৰা কোনো এপত টকা ট্রান্সফাৰ কৰিব নোৱাৰে কোনো বেংকে । তাৰ ফলত প্ৰত্যক্ষভাৱে ক্রিপ্টোকাৰেন্সি নিষিদ্ধ নহ’লেও চৰকাৰীভাৱে ইয়াৰ লেনদেন বন্ধ হৈ যায় । যদিও ভাৰতত বিটকয়েনৰ লেনদেন চলি আছে বুলি অভিযোগ । এইবাৰ আইনীভাৱে সেই নিষেধাজ্ঞা জাৰি কৰি লেনদেন বন্ধ কৰিবলৈ সক্রিয় হৈছে কেন্দ্র ।

Exit mobile version