Diabetes & Milk : গাখীৰৰ স’তে কি মিহলি কৰি খালে নিয়ন্ত্ৰণত থাকিব ৰক্ত শৰ্কৰাৰ মাত্ৰা

1603535976 5f940468f2d0a milk

সমগ্ৰ বিশ্বতে বৰ্তমানৰ এটা ডাঙৰ সমস্যা ডায়েবেটিচ । দৈনিক ক্ৰমান্বয়ে বৃদ্ধি পাইছে ডায়েবেটিচ ৰোগী ।ঘৰে ঘৰে একোজন ডায়েবেটিচ ৰোগী ।

কিছুমান ডাঙৰ, আন কিছুমানৰ অতি কম বয়সতে উচ্চ ৰক্ত শৰ্কৰাৰত ভুগিছে । ডায়েবেটিচৰ ফলত হৈছে বিভিন্ন ধৰণৰ সমস্যা । এনে পৰিস্থিতিত, ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

ঔষধটো আছেই, লগতে দৈনন্দিন জীৱনত কেইটামান অভ্যাস আছে যি শৰীৰক স্বাস্থ্যৱান ৰখাত সহায় কৰিব পাৰে। তাৰে এটা হ’ল নিয়মীয়াকৈ গাখীৰ খোৱাৰ অভ্যাস।

গাখীৰত আছে পুষ্টিৰ বিভিন্ন উপাদান। বিভিন্ন খনিজ পদাৰ্থৰ লগতে আছে প্ৰ’টিনো । ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ভিটামিন আৰু কেলচিয়াম থাকে।

এই সকলোবোৰ উপাদান ডায়েবেটিচত আক্ৰান্ত ৰোগীৰ বাবে জৰুৰী । ইয়াৰ স’তে যদি আৰু কেইটামান দ্ৰব্য মিহলি কৰি খায়,তেনেহ’লেটো কথাই নাই । অতি সহজে নিয়ন্ত্ৰণত থাকিব ৰক্ত শৰ্কৰাৰ মাত্ৰা ।

গাখীৰৰ স’তে কি মিহলি কৰি খাব পাৰে?

(১) ডালচেনি ৰক্ত শৰ্কৰাৰ মাত্ৰ যথেষ্ট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন, পটাছিয়াম, এণ্টিঅক্সিডেণ্ট থাকে। যদি গাখীৰত নিয়মীয়াকৈ ডালচেনি পাউডাৰৰ স’তে মিহলি কৰিব পাৰি, ৰক্ত শৰ্কৰাৰ স্তৰ যথেষ্ট হ্ৰাস কৰিব পাৰিব।

(২) হালধি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ডায়েবেটিচ নিয়ন্ত্ৰণক অতি উপযোগী বুলিও গণ্য কৰা হয়। যদি হালধি গাখীৰৰ স’তে মিহলি কৰি খায়, ৰক্ত শৰ্কৰাৰ মাত্ৰ যথেষ্ট নিয়ন্ত্ৰণত থাকিব। ডায়েবেটিচ সম্পৰ্কীয় স্বাস্থ্য সমস্যা হ্ৰাস কৰিব।

(৩) গাখীৰৰ স’তে কাঠবাদাম মিহলি কৰি খালে শৰীৰত বিভিন্ন ধৰণৰ উপাদান প্ৰদান কৰিব । প্ৰ’টিন, ফাইবাৰৰ পৰা কেলচিয়ামলৈকে- শৰীৰে একেলগে সকলো পাব। ডায়েবেটিচ নিয়ন্ত্ৰণত থাকিব।

Exit mobile version