Sheena Murder Case : শীনা বৰা জীয়াই আছে, কাশ্মীৰত বাস কৰে ‌! চাঞ্চল্যকৰ দাবী ইন্দ্রাণী মুখোপধ্যায়ৰ

1639628262 indrani

তেওঁৰ কন্যা শীনা বৰা জীয়াই আছে । তাই কাশ্মীৰত আছে । এই চাঞ্চল্যকৰ দাবী কৰি চিবিআই-লৈ পত্ৰ লিখিছে শীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্রাণী মুখোপধ্যায়ে ।

পত্ৰত ইন্দ্রাণীয়ে দাবী কৰিছে, সম্প্রতি কাৰাগাৰত এগৰাকী মহিলাৰ স’তে তেওঁৰ সাক্ষাৎ হৈছে । সেই মহিলাগৰাকীয়ে ইন্দ্রাণীক জনাইছে কাশ্মীৰত শীনাৰ স’তে তেওঁৰ দেখা হৈছে । সেই মহিলাগৰাকীৰ দাবীৰ বিষয়ে পত্ৰত উল্লেখ কৰি কাশ্মীৰত শীনাৰ অনুসন্ধান চলাবৰ বাবে চিবিআইক আবেদন জনাইছে ইন্দ্রাণীয়ে । এই প্রসংগত চিবিআই আদালতত তেওঁ আবেদনো কৰিছে ।

নিজ কন্যা শীনাক হত্যাৰ অভিযোগত ২০১৫ৰ পৰা মুম্বাইৰ বাইকুল্লা কাৰাগাৰত বন্দী হৈ আছে ইন্দ্রাণী । যোৱা মাহত ব’ম্বে উচ্চ ন্যায়ালয়ে তেওঁৰ জামিনৰ আবেদন খাৰিজ কৰে । উচ্চতম ন্যায়ালয়ত যোৱাৰ প্রস্তুতিও কৰিছে ইন্দ্রাণীয়ে । কন্যাক হত্যা কৰাৰ অভিযোগত ছয় বছৰ ধৰি কাৰাবাসত থকা ইন্দ্রাণীৰ এই দাবীক লৈ হৈ-চৈৰ সৃষ্টি হৈছে ।

শীনা বৰা হত্যাকাণ্ডৰ ঘটনা প্ৰকাশ্যত আহে ইন্দ্রাণীৰ গাড়ীচালক শ্যামবৰ ৰায় গ্রেপ্তাৰ হোৱাৰ পাছত । তেওঁ আৰক্ষীক জনায়, শীনাক শ্বাসৰোদ্ধ কৰি হত্যা কৰে ইন্দ্রাণীয়ে । ২০১২-ত নিখোজ হয় শীনা । গুৱাহাটীত ককাক-আইতাকৰ লগত আছিল শীনা আৰু তেওঁৰ ভাতৃ মিখেইল । ইন্দ্রাণীয়ে পুত্ৰ-কন্যাক এৰি মুম্বাইলৈ গুচি যায় । তাত পিটাৰ মুখোপধ্যায়ক বিয়া কৰে ।

শীনাই এই কথা গম পাই মুম্বাইত ইন্দ্রাণীৰ ওচৰত উপস্থিত হয় । ইন্দ্রাণীয়ে তেতিয়া পিটাৰ আৰু তেওঁৰ পৰিচিতসকলৰ আগত শীনাক নিজৰ ভগ্নী বুলি পৰিচয় দিয়ে । পাছত তদন্তত জানিব পাৰি যে, মুম্বাইত ঘৰৰ বাবে ইন্দ্রাণীক হুমকি দিছিল শীনাই । তেনে সময়তে শীনাৰ স’তে পিটাৰৰ পুত্ৰ ৰাহুলৰ সম্পর্ক স্থাপন হয় । শীনা নিখোজ হোৱাৰ পাছত ৰাহুলক জনোৱা হয় যে, শীনাই শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিদেশত গৈছে । প্রায় তিনি বছৰ পাছত ২০১৫-ত শীনাৰ হত্যাৰ বিষয়টো প্রকাশ্যত আহে । এই ঘটনাত ইন্দ্রাণী, পিটাৰ আৰু ইন্দ্রাণীৰ প্রথম পক্ষৰ স্বামী সঞ্জীৱ খান্নাক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে । ২০২০-ত জামিন পায় পিটাৰে ।

Exit mobile version