সমগ্ৰ ৰাজ্যৰ লগতে সম্প্ৰতি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ আৰক্ষীকো কঠোৰ হোৱা পৰিলক্ষিত হৈছে । ইতিমধ্যে ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে তালাচী অভিযান ।
সেই হেতুকে আজি ৰাতিপুৱাৰ ভাগত মোনাকোষা মাগুৰমাৰী তিনিআলীত তালাচী চলাই হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহীক জৰিমনা বিহি কে’বা সহশ্ৰাধিক টকা সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে ।
উক্ত তালাচী অভিযানতে বহুতো হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহীক আটক কৰি জৰিমনা বিহে । আজি মোনাকোষাত জৰিমনা বিহি ফকিৰাগ্ৰাম থানাৰ আৰক্ষী বিষয়া আবুল হুচেইনে কয় যে মটৰ চাইকেল চলালে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক ।