গোসাইগাঁৱৰ ভাওৰাগুৰীত গাঁওসভাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত

WhatsApp Image 2021 12 17 at 5.03.20 PM

গোসাইগাঁও খণ্ড উন্নয়নৰ অধীনস্থ ভাওৰাগুৰী ভিচিডিচিৰ গাঁওসভাখন আজি ভাওৰাগুৰীতস্থিত ভিচিডিচিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । ২ নং বৰুৱাপাৰা গাঁৱৰ গাঁওবুঢ়া বুদ্ধদেৱ সাহাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ২০২২-২৩ বিত্তীয় বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ কামৰ লগতে বিভিন্ন আঁচনি আৰু গাঁওসমূহৰ বিভিন্ন সমস্যাসমূহক আলোকপাত কৰি আলোচনা কৰা হয় ।

উক্ত সভাত গোসাইগাঁও উন্নয়ন খণ্ডৰ বিষয়বৱীয়া, কচুগাঁও টিচিএলচিচিৰ ভাইচ-চেয়াৰমেন সিদ্ধাৰ্থ নাৰ্জাৰী, ভাওৰাগুৰী ভিচিডিচিৰ চেয়াৰমেন পাৰ্থ পাল, ভাইচ-চেয়াৰমেন পুষ্পনাথ বৰ্মন,‌ কমলসিং ভিচিডিচিৰ চেয়াৰমেন বিজয়া ব্ৰহ্ম প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল, বিভিন্ন পদধাৰী ব্যক্তি, কৰ্মকৰ্তাসকলৰ লগতে ভাওৰাগুৰী ভিচিডিচিৰ অধীনত থকা গাঁওসমূহৰ গাঁওবুঢ়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

সভাৰ আদিতে বিমান দুৰ্ঘটনাত নিহত দেশৰ চিডিএছ জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নীৰ লগতে ১১গৰাকী সতীৰ্থৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Exit mobile version