Controversial Comment on Rape : ‘ধর্ষণ অনিবার্য হ’লে উপভোগ কৰক’, কর্নাটক বিধানসভাত কংগ্রেছ নেতাৰ মন্তব্যত বিতর্ক

KL Ramesh

ধর্ষণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন কর্নাটকৰ এগৰাকী প্রবীণ কংগ্রেছ নেতা । বৃহস্পতিবাৰে কর্নাটক বিধানসভাত তেওঁ এই মন্তব্য ।

কর্নাটক বিধানসভাৰ শীতকালীন অধিবেশনত বৃহস্পতিবাৰে কংগ্রেছ নেতা কেআৰ ৰমেশ কুমাৰ উপস্থিত আছিল । তেওঁ বটত বিধানসভাৰ প্রাক্তন স্পিকাৰো । বৃহস্পতিবাৰে তেওঁ কয়, ‘‘ধর্ষণ যেতিয়া অনিবার্য, তেন্তে শুই থাকি উপভোগ কৰা উচিত ।’’ তেওঁৰ এই মন্তব্যৰ পাছত হাঁহিত ৰজঞ্জনাই উঠে বিধানসভাৰ সংসদ ভৱন । কর্নাটক বিধানসভাৰ বর্তমান স্পিকাৰ বিশ্বেশ্বৰ হেগড়ে কাগেৰিয়েও ৰমেশৰ কথাত হাঁহিবলৈ আৰম্ভ কৰে ।

বিধানসভাত কৃষকসকলৰ বিষয়ক লৈ আলোচনাৰ বাবে সময় বিচাৰিছিল কংগ্রেছ নেতাসকলে । তেতিয়া স্পিকাৰ বিশ্বেশ্বৰে জনায়, সকললোতে সময় দিলে হাউচৰ কাম কি হ’ব । বিশ্বেশ্বৰে কয়, ‘‘আপোনালোকে যি সিদ্ধান্ত ল’ব মই তাতেই সন্মতি দিম । ম‌ই ব্যৱস্থাৰ পৰিৱর্তন বা নিয়ন্ত্রণটো কৰিব নোৱাৰিম । সেয়ে পৰিস্থিতি উপভোগ কৰিব লাগিব । হাউচৰ কার্যক্রমক লৈয়ে মোৰ চিন্তা ।’’ স্পিকাৰৰ এই কথাৰ পাছতেই কংগ্রেছ নেতা ৰমেশে ধর্ষণৰ স’তে বিষয়টো তুলনা কৰি এই বিতর্কিত মন্তব্য কৰে ।

যদিও এই মন্তব্যৰ পাছত বিতর্ক সৃষ্টি হ‌ওঁতেই ক্ষমা বিচাৰে কংগ্রেছ বিধায়কজনে । তেওঁ তেওঁৰ টুইটাৰত লিখে, ‘ধর্ষণ সন্দৰ্ভত ম‌ই বিধানসভাত যি মন্তব্য কৰিছো তাৰ বাবে সকলোৰে পৰা ক্ষমা বিচাৰিছো । ঘৃণনীয় অপৰাধক আলোকিত কৰা মোৰ উদ্দেশ্য নাছিল । শব্দ চয়নৰ ক্ষেত্রত ভৱিষ্যতে ম‌ই সতর্ক হ’ম ।’

প্রসংগত, কর্নাটকত মহিলাসকলৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা অধিক । কর্নাটক ৰাজ্য আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, ২০১৯ৰ জানুৱাৰীৰ পৰা ২০২১ৰ মে’ৰ ভিতৰত এহেজাৰ ১৬৮টা ধর্ষণৰ ঘটনা ঘটিছে ৰাজ্যখনত । যাৰ ভিতৰত অধিকাংশই গণধর্ষণৰ ঘটনা । কর্নাটকৰ চামুণ্ডি পাহাৰত ধর্ষণৰ ঘটনাৰ পাছত ৰাজ্যখনৰ গৃহমন্ত্রীৰ বক্তব্যক লৈও বিতৰ্ক আৰম্ভ হৈছিল । তেওঁ কয়, নির্জন স্থানত কোনো মহিলাই পুৰুষ বন্ধুসকলৰ স’তে যোৱা উচিত নহয় ।

Exit mobile version