Foods for Eyes : কোনবোৰ খাদ্য গ্ৰহণ কৰিলে চকুৰ স্বাস্থ্য ভালে থাকে

photo 1460904577954 8fadb262612c

চকুৰ যত্ন ল’ব পাৰে নানা ধৰণৰ পুষ্টিকৰ খাদ্য খাই । চকুত ছানি পৰা বা চকু শুকাই যোৱাৰ দৰে সমস্যা দূৰ কৰিব পাৰে পুষ্টিকৰ আহাৰে । তাৰ বাবে খাদ্যত থাকিব লাগিব নানা ধৰণৰ প্র’টিন, ভিটামিন, কেলছিয়াম, এন্টি-অক্সিডেন্ট । তেতিয়াহে চকু সুস্থ থাকিব ।

চকু সুস্থ কৰি ৰখা কেইবিধমান খাদ্য হৈছে –

১) তৈলাক্ত মাছ খালে শৰীৰে অ’মেগা থ্রি ফেটি এচিড লাভ কৰিব । এই উপাদানে চকুৰ যত্ন লোৱাত সহায় কৰে ।

২) কণীত ভিটামিন এ, জিংক, লুটিন থাকে । ভিটামিন এ চকুৰ মণিৰ বাবে উপকাৰী । জিংক চকুৰ বগা অংশ ভালে ৰখাৰ বাবে কাৰ্যকৰী । বিশেষকৈ সদায় ‌কণীৰ কুহুম খালে চকু ভালে থাকে ।

৩) যিকোনো ধৰণৰ বাদামত প্রচুৰ পৰিমাণে ভিটামিন ই থাকে । চীনা বাদাম হ‌‌ওক বা আলমণ্ড দৈনন্দিন দুটাকৈ খালে চকু সুস্থ হৈ থাকিব ।

৪) গাখীৰ তথা দুগ্ধজাত যিকোনো খাদ্য চকুৰ যতন লোৱাৰ বাবে প্ৰয়োজনীয় । নিয়মিত গাখীৰ খালে ছানি পৰাৰ শংকা কমে ।

৫) চকুৰ স্বাস্থ্য ভালে ৰাখিবৰ বাবে ভিটামিন চি-ও প্ৰয়োজনীয় । দৈনন্দিন এটাকৈ কমলা নেমু খালে সেই প্রয়োজন পূৰণ হ’ব পাৰে । চকুৰ ভিতৰৰ তেজ চলাচল স্বাভাৱিক হয় নিয়মিত ভিটামিন চি পালে ।

Exit mobile version