চৰকাৰী জাননী লাভৰ পাছতো আঁতৰি যোৱা নাই : চালি তৰি বাস কৰিছে একাংশই

1b415ccf b28c 486e 8140 0532f6874b56

যােৱা ২৯ অক্টোবৰত শােণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ডিআৰচি-১৩/২০১৭-১৮ নম্বৰৰ জাননীমর্মে ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন চৰত বেদখল কৰি বসবাস কৰি থকা আৱাসীসকলক চমুক্ত কৰাৰ জাননী জাৰি কৰা আৰু যােৱা ন ডিচেম্বৰত নগাঁও বন্যপ্রাণী সংমণ্ডল তথা ব্যাঘ্র প্রকল্প, কাতিমাৰীৰ অন্তৰ্গত কোচমৰা সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন চৰৰ বেদখলকাৰীক চৰৰ ভূমি খালী কৰি দ্বিলৈ চিঠি নম্বৰ ডব্লিউ এল এন/বি/এভিকচন/২০২১মর্মে অনুৰূপ জাননী জাৰি কৰাৰ পাছৰে পৰা বিনীদ্র ৰজনী কটাইছে তিনতিকীয়া, গৰুখুটি, ৰাণীটাপু, কোচমৰা, কুট্টামাৰী, পংৰে, বিচ্ছে, বিন্দ্ৰে, ৰামদাস চৰ, ভকতেপানী খােৱা ঘাট, গােলােক চৰ, ডােৱৰামাৰী, খাবেদ চৰ, চৰ্দাৰটাপু, লহৰীয়া, মুছলিম চৰ, বিশবালি, গাইটাপু, কালাচৰ, আবেদৰ চৰ, কুখৰে, কুট্টামাৰী, বুটমাৰী, মাইছবালি প্ৰমুখ্যে বিভিন্ন চৰৰ হেজাৰ হেজাৰ আৱাসী।

শােণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু নগাঁৱৰ বন। বিভাগৰ পৰা জাননী লাভ কৰাৰ পাছত বিভিন্ন চৰ-চাপৰিত ঘৰ সাজি বসবাস কৰি বিভিন্ন খেতি-বাটি কৰি অহা লােকসকলৰ ভিতৰৰ যিসকলৰ আন ঠাইতাে ঘৰ মাটি আছে তেওঁলােকৰ একাংশই চৰত থকা নিজা তিনি চাৰিটা ঘৰৰ একোটাকৈ ঘৰ ভাঙি সেই স্থানৰ পৰা আঁতৰি গৈছে।

তেনে লােকৰ সংখ্যা মাত্র ১০শতাংশ মানহে হ’ব। ইপিনে, আন একাংশ লােকে তেওঁলােকৰ ঘৰ ভাঙিলেও সেই স্থানৰ পৰা এই পর্যন্ত আঁতৰি যােৱা নাই। একেটা ভেটিতে তেওঁলােকে টিন-খেৰৰ চালি দি অথবা পলিথিনৰ ট্রিপাল তৰি তাতে বাস কৰি আছে। উচ্ছেদৰ আশংকাই প্ৰতিটো মুহূর্ততে খেদি ফুৰা চৰৰ এই লােকসকলে পথাৰত গােমধানৰ খেতি আৰু বিভিন্ন শাক-পাচলিৰ খেতিয়ে ঠাহ খাই থকা কাৰণে চৰৰ পৰা আঁতৰি যাব বিচৰা নাই।

অৱশ্যে বহুতৰে কোনাে বিকল্প ব্যৱস্থা নথকা হেতুকে সম্ভাব্য বিপদকে উপেক্ষা কৰি চৰতেই থাকিবলগীয়া হৈছে। বেদখলকাৰী সকললৈ চৰৰ চৰকাৰী ভূমি মুক্ত কৰাৰ সন্দৰ্ভত যােৱা জাননী জাৰী কৰাৰ পাছৰে পৰা জিলা কেইখনৰ চৰত বাস কৰি বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰা এই লােকসকলৰ মাজত হাহাকাৰ লাগিছে।

উচ্ছেদৰ আশংকাই খেদি ফুৰা ভীতিগ্রস্ত আৰু হতাশাগ্রস্ত চৰৰ কৃষকসকলে এতিয়া পুৰঠ নােহােৱা পাচলিকে ছিঙিবলৈ বাধ্য হৈছে। উল্লেখ্য যে এইবাৰ নগাঁও-মৰিগাঁও আৰু শােণিতপুৰ জিলাৰ অধিকাংশ চৰতেই হেজাৰ হেজাৰ বিঘা মাটিত তাত বাস কৰা লােকসকলে বিলাহী, বেঙেনা, জলকীয়া, ফুলকবি, বন্ধাকবি, ওল কবি, গাজৰ, জাতিলাও, ৰঙালাউ, উৰহী, পিয়াঁজ আদি পাচলিৰ খেতি কৰিছিল।

কঠোৰ পৰিশ্ৰমেৰে চৰৰ কৃষক ৰাইজে মৰুময় বালি চৰত এইসমূহ পাচলিৰ খেতি কৰি চৰক শ্যামলী কৰি তুলিছিল। দূৰ-দিগন্তব্যাপি কেৱল পাচলি পথাৰ। কেৱল সেউজীয়া আৰু সেউজীয়া।

তেওঁলােকৰ এই পাচলিসমূহে ঠন ধৰি উঠাৰ লগে লগে চৰৰ বালিত এক দুর্বিসহ জীৱন কটোৱা চৰৰ কৃষক ৰাইজৰ আশাবােৰাে ক্ৰমাৎ ঠন ধৰি উঠিছিল।

পূর্বতে তেওঁলােকে ফেব্ৰুৱাৰী পর্যন্ত পাচলি বিক্ৰী কৰে যদিও এইবাৰ উচ্ছেদৰ আশংকাত হুৰমূৰকৈ পাচলি ছিঙি নিচেই পানী দামতে পাচলিসমূহ মৈৰাবাৰী, ধিং, ডুমডুমীয়া আদি বজাৰত বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

Exit mobile version