শালবাৰীৰ মাজ্ৰাবাৰীত পুনৰ ভালুক পিঞ্জৰাবদ্ধ

22f45256 14a6 42ab 85c7 d989a7047d5c

ভালুকৰ অৰণ্যত যেন পৰিণত হৈছে বাগসাৰ শালবাৰী ৷ দৈনিক বনবিভাগৰ পিঞ্জৰাত আবদ্ধ হৈছে এটাৰ পাছত আন এটা ভালুক৷

বৃহস্পতিবাৰে এটা ভালুকে শালবাৰীৰ দাউৰাইবাৰীৰ এটা পৰিয়ালৰ পাকঘৰৰ সোমাই ভাত আঞ্জা কণী খাই তহিলং কৰাৰ পাছতে আবদ্ধ হয় বনবিভাগৰ পিঞ্জৰাত৷

তাৰ পাছতেই আজি পুনৰ বাগসাৰ শালবাৰীৰ মাজ্ৰাবাৰীত মুক্ত বিচৰণ ভালুকৰ ৷মাজ্ৰাবাৰীৰ উত্তম খেৰকটাৰী নামৰ লোকজনৰ তামোল বাগানত আবেলিৰ পৰাই মুক্ত বিচৰণ কৰি আছিল মানাহৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ভালুক৷

ভালুকটো ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই হুৱাদুৱা লাগি পৰে অঞ্চলটোত ৷লগে লগেই ঘটনাস্থলীত উপস্থিত হয় মানাহৰ বনবিভাগৰ দল ।ইয়াৰ পাছতে ভালুকটো ট্ৰেংকুইলাইজ কৰাৰ চেষ্টা কৰে বনবিভাগে ৷

অৱশেষত বহু চেষ্টাৰ অন্তত দুবাৰকৈ ভালুকটোক ট্ৰেংকুইলাইজৰ ডোজ নিক্ষেপ কৰা হয়। যদিও ভালুকটোক অচেতন কৰিবলৈ অসমৰ্থ হয় বনভিভাগ ৷ ভালুকটোৱে আন্ধাৰ হোৱাৰ লগে লগে কিছু দুৰলৈ গতি কৰে ৷

অৱশ্যে পৰৱৰ্তী সময়ত উক্ত স্থানৰ পৰা নাতিদূৰৈৰ এখন বাৰীত স্থানীয় ৰাইজ আৰু এছএছবিৰ সহযোগত মানাহৰ বাতাবাৰী বনবিভাগৰ চিকিৎসকৰ দলে ট্ৰেকুংলাইজ কৰি কৰায়ত্ব কৰে প্ৰকাণ্ড ভালুকটো৷

ভালুকটোক চাবলৈ অঞ্চলটোত হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে ৷ এনেদৰে দৈনিক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড ভালুকে জনাঞ্চলত প্ৰৱেশ কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷

প্ৰকাণ্ড ভালুকটো মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব বুলি সদৰি কৰিছে মানাহৰ বনবিভাগৰ ওএছডি ধৰণীধৰ বড়োৱে৷

Exit mobile version