অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে পূজা-অৰ্চনা শিক্ষক-শিক্ষয়িত্ৰীৰ

চিৰাঙৰ ছাপাগুৰিত অপ্ৰাদেশীকৃত বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পূজা-অৰ্চনা । বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে চৰকাৰক সুমতি দিবলৈ শিক্ষকসকলে আয়োজন কৰিছে এই পূজাৰ ।

কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব । যাতে চৰকাৰে এই অধিৱেশনতে বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰে তাৰ বাবে ভগৱানৰ ওচৰত চৰকাৰক সুমতি দিবলৈ চিৰাঙৰ ১নং ছাপাগুৰীৰ বেংতলগেটত এই পূজাৰ আয়োজন কৰিছে শিক্ষক সন্থাই । শিৱ পূজাৰ লগতে হোম যজ্ঞৰ আয়োজন শিক্ষকসকলৰ ।

সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক আৰু উচ্চপ্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে এই পূজাৰ আয়োজন কৰে । সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডল আৰু সাধাৰণ সম্পাদক ঘনকান্ত ব্ৰহ্মৰ লগতে বিটিআৰৰ চাৰিওখন জিলাৰ শিক্ষক-শিক্ষয়িত্ৰী প্ৰতিনিধি উপস্থিত থাকে এই পূজাত । সৰ্ব্ব ধৰ্মীয় পূজা এয়া । য’ত হিন্দু, মুছলমান আৰু খ্ৰীষ্টান শিক্ষক-শিক্ষয়িত্ৰীসকলে উপস্থিত থাকি পূজা-অৰ্চনা কৰা পৰিলক্ষিত হয় ।

সকলোৰে উদ্দেশ্য এটাই যে ভগৱানে চৰকাৰক সুমতি দিয়ক যাতে এই বিধানসভাৰ অধিৱেশনতেই বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা কাৰ্য্যকৰী কৰি বিটিআৰৰ সকলো অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকৰণ কৰে আৰু ইতিমধ্যে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ লোৱা শিক্ষকসকলক একজালিন আৰ্থিক সাহায্য প্ৰদান কৰে । মুঠতে আজি অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় প্ৰাদেশীকৰণৰ বাবে চৰকাৰৰ সুমতি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সৰ্ব্ব ধৰ্মীয়ভাৱে শিৱ পূজা কৰে আৰু যজ্ঞ কৰে ।

Exit mobile version