এটিএমৰ পৰা ধন উলিয়াবলৈ বাঞ্ছনীয় হ’ব ম’বাইল ফোন

এছবিআইৰ গ্ৰাহকসকল সতর্ক হওক

thequint 2019 10 d53fefdf 0560 41b8 9bc5 509e6707409a iStock 870387118

ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে আছে এক গুৰুত্বপূর্ণ খবৰ। এটিএমৰ পৰা সৰহকৈ ধন উলিয়াবলৈ হ’লে এতিয়াৰে পৰা গ্ৰাহকৰ হাতত ম’বাইল ফোন থকাটো জৰুৰী হ’ব।

কিয়নাে এটিএমৰ পৰা ধন উলিওৱাৰ সময়ত অটিপি জানিবলৈ বিচাৰিব বেংকে গ্রাহকৰ পৰা। উক্ত অটিপি জমা দিলেহে লেনদেন সম্পন্ন কৰিব পৰা যাব ।

দেশত এটিএম প্ৰতাৰণাৰ ঘটনা দিনক দিনে বৃদ্ধি পােৱালৈ লক্ষ্য ৰাখিয়েই গ্রাহকৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্রহণ কৰিবলৈ ওলাইছে বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংকিং প্রতিষ্ঠানটোৱে।

ইমানদিনে এছবিআইৰ গ্ৰাহকসকলে কোনাে প্রতিবন্ধকতা অবিহনে এটিএম কার্ড ব্যৱহাৰ কৰি দৈনিক সর্বাধিক সীমালৈকে ধন প্রত্যাহাৰ কৰিব পাৰিছিল;কিন্তু এইবাৰ কেবাটাও পৰিৱৰ্তন কৰা হৈছে।

এতিয়াৰে পৰা এছবিআই গ্রাহকসকলে এটিএমৰ পৰা টকা উলিয়াবলৈ গ’লে একনির্দিষ্ট পৰিমাণৰ পাছত এটা অটিপি পৰিশােধ কৰিব লাগিব। গ্রাহকৰ পঞ্জীভুক্ত মবাইল নম্বৰলৈ বেংকৰ জৰিয়তে এক অটিপি প্ৰেৰণ কৰা হব আৰু উক্ত অটিপি এটিএম মেচিনত জমা দিলেহে টকা উলিয়াব পৰা যাব।

এছবিআয়ে এটিএম কার্ড জালিয়াতি ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্রহণ কৰিছে। যদি এজন ব্যক্তিয়ে ১০ হেজাৰ টকা বা অধিক টকা উলিয়াব বিচাৰে, তেন্তে সেই গ্রাহকে এনেদৰে অটিপি পৰিশােধ কৰিব লাগিব।

গতিকে ম’বাইল ফোন অবিহনে গ্রাহকে ১০ হেজাৰ টকা বা ততােধিক টকা এটিএমৰ পৰা উলিয়াব নােৱাৰিব। স্মর্তব্য,এই সুবিধা ইতিমধ্যে পঞ্জাৱ নেচনেল বেংক পিএনবিৰ এটিএমতাে উপলব্ধ। ।

Exit mobile version