এপিএছচি‌ কেলেংকাৰিৰ অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ আদালতৰ

গোচৰৰ শুনানি ১২ জানুৱাৰীৰ পৰা

15regapsc

কাৰাবন্দী ৰাকেশ পালৰ অধ্যক্ষতাত অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত কেলেংকাৰিত অভিযুক্ত হৈ বৰ্খাস্ত হো ৪৪জন ৰাজপত্ৰিত বিষয়াৰ বিচাৰ প্ৰক্ৰিয়া অহা ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । তাৰ পূৰ্বে কালি বিশেষ আদালতে সকলোৰে বিৰুদ্ধে ধাৰা আৰোপ কৰে । এই সম্পৰ্কীয় গোচৰটো ভাঙাগড় আৰক্ষী থানাত ১৫৯/২০১৭ নম্বৰত ৰুজু হৈ আছে । আনহাতে, বিশেষ আদালতৰ গোচৰ নম্বৰ ৫/২০২১ত বিশেষ আদালতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১২/৭ ধাৰা আৰু ভাৰতীয় দণ্ড বিধিৰ ধাৰা ১২০-বি/১০৯/৪২০/৫৬৮ আৰোপ কৰে ।

আদালতৰ নিৰ্দেশত উল্লেখ কৰা হৈছে যে পৰৱৰ্তী শুনানিৰ দিনটোৰ পৰা গোচৰটোৰ সাক্ষীৰো বক্তব্য গ্ৰহণ কৰা হ’ব । বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথম অভিযুক্তৰূপে বিনীতা ৰিঞ্জাৰ নামো নিৰ্ধাৰণ কৰা হয় ।

ইপিনে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কালি শুনানিত ৰাকেশ পালো উপস্থিত থাকে । ইয়াৰ বিপৰীতে আন অভিযুক্তসকল সোঁশৰীৰে আদালতত উপস্থিত হয় । উল্লেখ্য যে বেদান্ত বিকাশ দাস নামৰ কৃষি উন্নয়ন বিষয়া পদৰ এজন প্ৰাৰ্থীয়ে ভাঙাগড় আৰক্ষী থানাত ২০১৭ৰ ১৭ আগষ্টত উক্ত গোচৰটোৰ এজাহাৰ দাখিল কৰিছিল ।

দাসে অভিযোগ অনুসৰি, উক্ত পদৰ বাবে ২০১৪ত লিখিত পৰীক্ষা আৰু ২০১৫ত মৌখিক পৰীক্ষা অনুষ্ঠিত হৈছিল । পৰীক্ষাত উত্তীৰ্ণ কৰাই দিব বুলি তদানীন্তন অধ্যক্ষ পাল আৰু মুশ্বাৰফ হুছেইন নামৰ তেওঁৰ ‌সহযোগী এজন প্ৰৰ্থীজনৰ পৰা ১৫ লাখ টকা দাবী কৰিছিল । সেই অনুসৰি তেওঁ মহানগৰীৰ ভঙাগড়স্থিত সৎসংগ বিহাৰত আগধন হিচাপে ৫০ হেজাৰ টকা পালক আদায় দিছিল ।

কিন্তু কেইদিনমান পাছত তেওঁ জানিব পাৰে যে আগধন ল’লেও পালে অন্য এজন প্ৰাৰ্থীক চাকৰিৰ বাবে নিৰ্বাচিত কৰাৰ ষড়যন্ত্ৰ কৰিছে । পৰৱৰ্তী সময়ত তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত মৃগেন হালৈ নামৰ এজন প্ৰাৰ্থীয়ে বক্ৰপথেৰে চাকৰি লোৱাৰ তথ্য পোহৰলৈ আহে বুলি অভিযোগকাৰী দাসে এজাহাৰত উল্লেখ্য কৰে । পাল আৰু মুশ্বাৰফ হুছেইনৰ লগতে পৰৱৰ্তী সময়ত এই গোচৰটোত বক্ৰপথেৰে চাকৰি সংগ্ৰহ কৰা সকলকো সামৰি লোৱা হয় ।

Exit mobile version