নিচামুক্ত বিটিআৰ গঢ়িবলৈ চিৰাঙৰ বিজনীত বিজেপিৰ সজাগতামূলক বাইক ৰেলী

নিচামুক্ত বিটিআৰ গঢ়াৰ লক্ষ্য আগত ৰাখি সমগ্ৰ বিটিআৰ-ত সজাগতামূলক সভা তথা মটৰ চাইকেল সমদল উলিওৱা হয় । এই কাৰ্যসূচী দেওবাৰে চিৰাং জিলাৰ বিজনীত আৰম্ভ কৰে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’য়ে ।

উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়নসহ অতিথিসকল উপস্থিত থাকে । সজাগতামূলক এখন বাটৰ নাটো কৰা হয় ।

Exit mobile version