Fire : দাওদাওকৈ জ্বলিছে অট্টালিকা, কথমপি ৰক্ষা পৰিল দুই কিশোৰী, প্রকাশ্যত ভিডিঅ’

Teenagers escape from fire

এটা অট্টালিকাৰ পাঁচ মহলাৰ পৰা ধোঁৱা ওলাইছিল । হঠাৎ দেখা গ’ল খিৰিকী ধৰি এগৰাকী কিশোৰী ওলমি আছে । প্রাণ বচোৱাৰ আপ্রাণ চেষ্টা কৰিছে । খিৰিকীৰ কিছু দূৰত্বত থকা অট্টালিকাৰ পাইপটো ধৰাৰ চেষ্টা কৰিছিল তেওঁ । কিছু সময় ওলমি থকাৰ পাছত পাইপটো ধৰি লয় ।

ইয়াৰ পাছতেই আন এগৰাকী কিশোৰীক সেই খিৰিকীত দেখা যায় । তেওঁক ৰক্ষা কৰিবলৈ প্রথমগৰাকী কিশোৰীয়ে হাত আগবঢ়ায় । অৱশেষত সেই কিশোৰীগৰাকীয়েও পাইপ ধৰিবলৈ সমর্থ হয় । দুয়োগৰাকীয়ে ওলাই অহাৰ পাছতেই জুই বাহিৰলৈ ওলাই আহে । কথমপি ৰক্ষা পৰে দুয়োগৰাকী কিশোৰী ।

তাৰ পাছতেই উদ্ধাৰকাৰী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলিত উপস্থিত হয় । তেওঁলোকে কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে । অগ্নিকাণ্ডৰ এই ভয়াবহ ঘটনাটো সংঘটিত হয় নিউ ইয়র্কত ।

Exit mobile version