আন্তঃজিলা জুনিয়ৰ ভলীবলত কৰ্দৈগুৰিৰ তিনি যুৱতীৰ প্ৰতিনিধিত্ব

WhatsApp Image 2021 12 20 at 6.27.35 PM

অবিভক্ত বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত কৰ্দৈগুৰি শ্ৰীশ‌ংকৰ ভলীবল পুৰুষ দলে পূৰ্বৰে পৰা এক বিশেষ সুনাম অৰ্জন কৰি আহিছিল যদিও যুৱতী খেলুৱৈৰ প্ৰাদুৰ্ভাৱ হোৱা নাছিল কৰ্দৈগুৰি গাঁৱত । এইবাৰ কৰ্দৈগুৰি ভলীবল কোচিং চেন্টাৰৰ উদ্যোগত বহু যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি অলপতে অনুষ্ঠিত আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত গুৱাহাটী দলৰ হৈ কৰ্দৈগুৰিৰ সাধনা উজিৰ, দিম্পি দাস আৰু সোণালী উজিৰে প্ৰতিনিধিত্ব কৰি ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

পংকজ উজিৰৰ তত্বাৱধানত গঢ় লৈ উঠা কোচিং চেণ্টাৰটোত প্ৰশিক্ষণ প্ৰদান কৰে কংকন ডেকাই ৷ উল্লেখযোগ্য যে কৰ্দৈগুৰি গাঁৱৰে ভগৱান উজিৰ (অভিযন্তা) আৰু ধনজিৎ উজিৰে ৰাজ্যিক ভলীবল দল অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল আৰু কে’বাখনো জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিছিল ৷

Exit mobile version