শালবাৰীত বিশেষভাৱে সক্ষম টেট শিক্ষয়িত্ৰীসহ নিৰাপত্তাহীনতাত এটা পৰিয়াল

লিখিত অভিযোগ দাখিল কৰা স্বত্বেও অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে

শালবাৰীত বিশেষভাৱে সক্ষম এগৰাকী টেট শিক্ষয়িত্ৰীসহ কণমানি কন্যাৰ লগতে এটা পৰিয়াল এতিয়া চৰম নিৰাপত্তাহীনতাত ৷ টেট শিক্ষয়িত্ৰীগৰাকীৰ নিজৰ স্বামীক হত্যাৰ অভিযোগত অভিযুক্ত শিক্ষয়িত্ৰীগৰাকীৰ নিজ ভাতৃ তথা এগৰাকী আৰক্ষী জোৱানে এতিয়া প্ৰাণে মৰাৰ ভাবুকি দি আহিছে শিক্ষয়িত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ সমূহ সদস্যক ৷ এই ক্ষেত্ৰত শালবাৰী মহকুমাধিপতি আৰু মহকুমা আৰক্ষীয়ে লিখিত অভিযোগ লাভ কৰাৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷

উল্লেখ্য যে বাগ্‌সা জিলাৰ শালবাৰীৰ হুদুখাটা নিবাসী ধনজিৎ উজীৰৰ স’তে সমীপৰ টাঙাটাৰী গাঁৱৰ বিশেষভাৱে সক্ষম শিক্ষয়িত্ৰী পাপৰি কলিতাৰ ২০১৩ত বিয়া হৈছিল ৷ বিয়াৰ চিনস্বৰূপে এতিয়া এজনী ছবছৰীয়া কন্যা সন্তানৰ মাতৃ পাপৰি কলিতা উজীৰ ৷ কিন্তু তাৰ মাজতে চলিত বৰ্ষৰ ২২ এপ্ৰিলত পাপৰি কলিতাৰ ভাতৃ তথা ২৪ নং অসম বেটেলিয়নৰ আৰক্ষী জোৱান বিপুল কলিতাই পাপৰিৰ স্বামী ধনজিৎ উজীৰক ঘৰুৱা কথাৰ বাবেই নিজ ঘৰত কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল ৷ ধনজিৎ উজীৰৰ পত্নীৰ এজাহাৰৰ ভিত্তিত শালবাৰী আৰক্ষীয়ে ২৪/২১ নম্বৰত এক গোচৰ ৰুজু কৰি ৩৪১/৩২৬/৩০৭/৩০২/৩৪ ধাৰাত বিপুল কলিতাক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷ তেতিয়াই তিনি মাহ জেল খাটিবলগীয়া হৈছিল বিপুলে ৷ তিনি মাহ জেলত কটাই জেলৰ পৰা মুকলি হৈ বিপুলে পুনৰ বায়েক পাপৰি কলিতা উজীৰৰ ঘৰলৈ আহি বায়েকৰ লগতে ছবছৰীয়া ভাগিনীয়েক, প্ৰয়াত ধনজিৎ উজীৰৰ ককায়েক প্ৰাণজিৎ উজীৰ আৰু পৰিয়ালৰ আটাইকেইগৰাকী সদস্যকে হত্যা কৰাৰ ভাবুকি দিয়ে ৷

চলিত বৰ্ষৰ ১১ ছেপ্তেম্বৰতো বিপুল কলিতাই নিশা বায়েক পাপৰি কলিতা উজীৰৰ ঘৰলৈ আহি সেই সময়ত উপস্থিত থকা পাপৰিৰ ভনীজোঁৱায়েক পবিত্ৰ কাকতিক দা’ৰে ঘপিয়াবলৈ উদ্যত হৈছিল যদিও চিঞৰ-বাখৰ কৰাত সিদিনা পলাই যাবলৈ সক্ষম হয় বিপুলে ৷ এই সমস্ত ঘটনা সন্দৰ্ভত ১২ ছেপ্তেম্বৰত বিপুলৰ বিৰুদ্ধে পুনৰ শালবাৰী থানাত এজাহাৰ দাখিল কৰিছিল পাপৰিয়ে ৷ কিন্তু এজাহাৰ লাভ কৰাৰ পাছতো আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে সম্প্ৰতি চৰম নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে পৰিয়ালটোৱে ৷

ভুক্তভোগী পৰিয়ালটোৰ অভিযোগ অনুসৰি, স্থানীয় শালবাৰী আৰক্ষীক কে’বাবাৰো নিৰাপত্তাহীনতাত ভুগি থকাৰ বিষয়ে অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে বিষয়টোৰ পৰা ফালৰি কাটিছে । যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে পৰিয়ালটোৱে‌ ৷

একেদৰে ভাতৃ বিপুল কলিতাৰ ভয়-ভাবুকিত অতিস্থ হৈ শাৰীৰিকভাৱে বিশেষ সক্ষম টেট শিক্ষয়িত্ৰী পাপৰিয়ে বিদ্যালয়ত যাবলৈ শংকা অনুভৱ কৰাৰ লগতে নিজ কন্যাকো বিদ্যালয়ত পঠাবলৈ সাহস গোটাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে ২৪ নং অসম বেটেলিয়নৰ জোৱান বিপুল কলিতা বাগসাৰ চৰাইমাৰীস্থিত আৰক্ষী চাউনিত কৰ্মৰত আছিল ৷

ইফালে, আৰক্ষী জোৱানজনৰ মাতৃয়েও পুত্ৰ বিপুল কলিতাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মাতৃয়েও পুত্ৰ বিপুলৰ অত্যাচাৰ সহিব নোৱাৰা হৈছে ৷ পুত্ৰই মাৰ-ধৰ কৰি ইতিমধ্যে মাকৰ এখন হাত ভাঙি পেলাইছে ৷ ইয়াৰ উপৰি মাকৰ কাপোৰ পুৰি পেলোৱা, পিন্ধা কাপোৰত ৰঙ সানি দিয়া, মাকক ঠিকমতে খোৱা-লোৱা কৰিব নিদিয়া আদি বহু অভিযোগ পুত্ৰ বিপুলৰ বিৰুদ্ধে ৷ এই ক্ষেত্ৰত আৰক্ষীক তদন্ত কৰি উচিত শাস্তি বিহিবলৈও দাবী জনাইছে ৷

Exit mobile version