বাংলাদেশী নাগৰীকসকলৰ ভাৰতত প্রৱেশৰ ক্ষেত্রত নতুন বিধিনিষেধ আৰোপ কৰা হৈছে । আগৰতলা ইন্টিগ্রেটেড চেক পোষ্ট (আইচিপি)ৰে সর্বোচ্চ এশজন বাংলাদেশী যাত্রীক প্রতিদিনে প্রৱেশ কৰিবলৈ দিয়া হ’ব । এই বিধিনিষেধ কার্যকৰী কৰিবৰ বাবে প্রয়োজনীয় পৰিকাঠামো প্ৰস্তুত কৰিবলৈ আইচিপি-ৰ অভিবাসন বিভাগখ নির্দেশ দিয়া হৈছে ।
একেই বিধিনিষেধ জাৰি কৰা হৈছে পশ্চিমবংগৰ হৰিদাছসপুৰৰ আইচিপি-ৰ অভিবাসন বিভাগক । হৰিদাসপুৰ হৈ সর্বোচ্চ চাৰিশজন বাংলাদেশী নাগৰিকক ভাৰতত প্রতিদিনে প্রৱেশ কৰাৰ অনুমতি দিয়া হৈছে ।
আঠ ডিচেম্বৰত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বাংলাদেশী নাগৰিকসকলৰ ভাৰতত প্রৱেশৰ সন্দৰ্ভত আলোচনা হয় । তাৰ পাছতেই কিছু বিধিনিষেধ জাৰি কৰিছে ভালতে । গৃহ মন্ত্রণালয়ৰ পৰা ১৫ ডিচেম্বৰত জাৰি কৰা নিৰ্দেশ অনুসৰি, সম্প্ৰতি বাংলাদেশী নাগৰিকসকলৰ ভাৰতত প্রৱেশ কৰাৰ ক্ষেত্রত মেডিকেল আৰু ব্যৱসায়ী ভিছা দিয়া হৈছে । অভিবাসনৰ সময়ত বাংলাদেশী নাগৰিকসকলৰ বায়’মেট্রিক পৰীক্ষা কৰোৱা আৱশ্যক ।