ওদালগুৰিৰ লালপুলত ১২৬ টা গৰুসহ চাৰিটা গাড়ী জব্দ

সৰবৰাহৰ সন্দেহত আঠজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

অবৈধভাৱে গৰু সৰবৰাহ ৰোধৰ স্বাৰ্থত অসম চৰকাৰে গো-সুৰক্ষা আইন প্ৰৱৰ্তন কৰাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ হৈ আছে বৃহৎ পৰিমাণৰ গৰু । আজি দৰং-ওদালগুৰি সীমান্তৱৰ্তী লালপুলৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চাৰিখনকৈ ট্ৰাকত অবৈধভাৱে কঢ়িয়াই অনা ১২৬ টাকৈ দমৰা গৰু জব্দ কৰে লালপুল আৰক্ষীয়ে ।

আৰক্ষী চকীখনৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আন দিনাৰ দৰে আজিও ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পেট্ৰ’লিং দি থকাৰ সময়তে সন্দেহবশত মঙলদৈ অভিমুখী এখন ট্ৰাকক ৰখাৰ নিৰ্দেশ দিয়ে । পৰৱৰ্তী সময়ত ট্ৰাকখন তালাচী কৰাত ট্ৰাকখনৰ ভিতৰত অবৈধভাৱে কঢ়িয়াই অনা গৰু প্ৰত্যক্ষ কৰে । লগে লগে ট্ৰাকখনৰ চালকক সোধ-পোচ কৰাত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আন তিনিখন, মুঠ চাৰিখন গৰুভৰ্তি ট্ৰাকসহ ১২৬ টা গৰু জব্দ কৰে ।

ট্ৰাককেইখনৰ নম্বৰ হৈছে ক্ৰমে এ‌এছ০১ডিডি৩১৮৮, এএছ১১বিচি৪০৫৩, এএছ০১কেচি৩৬৫৭ আৰু এএছ০১ইচি৬৭৫১ । ইফালে ট্ৰাক চাৰিখনৰ চাৰিগৰাকী চালকসহ মুঠ আঠজন লোকক গৰুখিনি সৰবৰাহৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আটকাধীন লোককেইজন হ’ল ক্ৰমে ছাইদুলা, আবু ছাহেদ, ছাইজুদ্দিন আলী, হাইবুৰ ৰহমান, আব্দুল মালেক, বিল্লাল হুছেইন, নবীন কাৰ্মকাৰ, আৰু আচমত আলী ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ চক্ৰ পৰিদৰ্শক জিতেন সিঙে সংবাদ মাধ্যমৰ আগত কয় যে, এয়া ব্যৱসায়ীৰ বাবে অবৈধভাৱে সৰবৰাহ কৰা হৈছে বুলি সন্দেহ কৰা হৈছে । গৰু কঢ়িওৱা ট্ৰাককেইখনৰ উপযুক্ত পাৰমিট নাই বুলি উল্লেখ কৰি সিঙে কয় যে লক্ষিমপুৰৰ স্থানীয় বজাৰৰ পৰা গৰুসমূহ ক্ৰয় কৰা বুলি ধৃত লোককেইগৰাকীয়ে দাবী কৰিছে যদিও সকলোবোৰ গৰু ক্ৰয় সন্দৰ্ভত কোনো নথিপত্ৰ দেখুৱাব পৰা নাই । ।

সম্প্ৰতি ওদালগুৰি গোশালাৰ লগত গৰুসমূহ ৰখাৰ বাবে যোগাযোগ কৰা বুলি উল্লেখ কৰি প্ৰায় ২৬০ কিলোমিটাৰ দূৰৰ পৰা অনা গৰুকেইটা অধিক ভোকাতুৰ হৈ থকাৰ কথাও জানিবলৈ দিয়ে । জব্দকৃত গৰুসমূহৰ খাদ্যৰ অভাৱত যাতে মৃত্যু নহয়, তাৰ বাবে স্থানীয় থানাখনৰ আৰক্ষীয়ে কিছু পৰিমাণৰ খাদ্য যোগান ধৰাৰ কথাও উল্লেখ কৰে । সৰবৰাহ কৰা গৰুসমূহ গোমাংসৰ বাবে কঢ়িয়াই নিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

ইফালে, ঘটনাস্থলীত উপস্থিত হৈ পশু চিকিৎসক ডাঃ ভূপেন কুমাৰ শৰ্মাই কয়, “জব্দকৃত আটাইবোৰ গৰুৱেই থলুৱা প্ৰজাতিৰ গৰু । আমি গৰুসমূহৰ স্বাস্থ্যৰ বিষয়ে বুজ লৈ আছো । বহু দূৰৰ পৰা লৈ আহি থকাৰ ফলস্বৰূপে গৰুবোৰ বহু পৰিমাণে ভোকত আছে । এয়া এক অপৰাধ হিচাপে গন্য হয় । একেদৰে বাহনকেইখনত প্ৰয়োজনতকৈ অধিক পৰিমাণে গৰু কঢ়িওৱা হৈছে । জব্দকৃত গৰুসমূহ প্ৰায় ডেৰ বছৰৰ পৰা চাৰি বছৰ বয়সৰ ভিতৰত হ’ব ।” সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ লগতে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ।

Exit mobile version